ৰাজ্য কঁপাই যোৱা উদালি কাণ্ডৰ তদন্ত অথবা আক্ৰমণকাৰীক বিচাৰি আজিও জিলাখনত চলি আছে আৰক্ষীৰ অভিযান। ফলত আৰক্ষীৰ অভিযানত নিতৌ জালত পৰিছে এই ঘটনাৰ সৈতে জড়িত অভিযুক্ত।
আজি পুৱতি নিশা পুনৰ উদালি কাণ্ডৰ আন দুটা অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। হোজাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌতম কুমাৰৰ পৰিকল্পনা মতে হোজাইৰ পৰা গ্ৰেপ্তাৰ কৰা হয় উদালি কাণ্ডৰ অন্যতম অভিযুক্ত দুটাক।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত ভাতৃদ্বয় হৈছে বামুণ গাঁৱৰ আব্দুৰ ৰহমান আৰু তাইজুৰ ৰহমান। পৰৱৰ্তী সময়ত ধৃত ভাতৃদ্বয়ক লংকা থানাৰ অ’চি বিশ্বজ্যোতি শৰ্মাই হোজাই আৰক্ষীৰ পৰা নিজৰ জিম্মাত লৈ যায়।
সম্প্ৰতি লংকা আৰক্ষীৰ জিম্মাত থকা ধৃত অভিযুক্ত দুটাক আৰক্ষীয়ে অব্যাহত ৰাখিছে সোধা–পোছা। ইপিনে উদালি কাণ্ডত এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ৩২জনলৈ বৃদ্ধি হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|