உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Militant Group to Surrender : নতুন বছৰত শান্তিৰ পথত আৰু এখোজ, আত্মসমৰ্পণৰ বাবে সাজু বৰাকৰ দুই উগ্ৰপন্থী সংগঠন 

    Militant Group to Surrender : নতুন বছৰত শান্তিৰ পথত আৰু এখোজ, আত্মসমৰ্পণৰ বাবে সাজু বৰাকৰ দুই উগ্ৰপন্থী সংগঠন 

    Militant Group to Surrender : আত্মসমৰ্পণৰ বাবে প্ৰস্তুত বৰাকৰ দুই উগ্ৰপন্থী সংগঠন । 

    Militant Group to Surrender : আত্মসমৰ্পণৰ বাবে প্ৰস্তুত বৰাকৰ দুই উগ্ৰপন্থী সংগঠন । 

    Militant Group to Surrender : আত্মসমৰ্পণৰ বাবে প্ৰস্তুত বৰাকৰ দুই উগ্ৰপন্থী সংগঠন । 

    • Share this:
    নতুন বছৰত বৰাক উপত্যকা বিশেষকৈ হাইলাকান্দি জিলাৰ বাবে আহিব ভাল খবৰ । বহু বছৰৰ পৰা বৰাক উপত্যকাত সক্ৰিয় হৈ থকা দুই উগ্ৰপন্থী সংগঠনে নতুন বছৰত কৰিব আত্মসমৰ্পণ । মুখ্যমন্ত্ৰীৰ উপস্থিতিত অহা ২০ জানুৱাৰীত আত্মসমৰ্পণ কৰিব দুই সংগঠনৰ সদস্যসকলে । আজি হাইলাকান্দিত সংবাদ মাধ্যমৰ আগতে এই কথা ঘোষণা কৰে কাটলিছেড়া সমষ্টিৰ বিধায়ক সুজাম উদ্দিন লস্কৰে ।

    যোৱা কেইবাদশকৰ পৰা বৰাক উপত্যকাত সন্ত্ৰাস সৃষ্টি কৰি আহিছিলে ব্ৰু জনজাতীয় উগ্ৰপন্থী সকলে । যোৱা ২০০৮ চনতে ইয়াৰে এটা সংগঠন UDLFBV'ৰ প্ৰায় ৪০০ সক্ৰিয় সদস্যই আত্মসমৰ্পণ কৰাৰ পিছতে মাত্ৰ কেইটা বছৰৰ ভিতৰতে সক্ৰিয় হৈ উঠিছিল আন দুই সংগঠন । কিন্তু United Democratic liberation Army অৰ্থাৎ UDLA আৰু Bru Revolutionary Army of Union অৰ্থাৎ BRAU নামৰ এই দুই সংগঠনৰ নেতৃত্বও এতিয়া মূলসুঁতিলৈ ঘুৰি আহিবলৈ সাজু হৈছে ।

    যোৱা তিনি বছৰৰ পৰা এই সকলৰ আত্মসমৰ্পণক লৈ ৰাজ্যৰ আৰক্ষী বিভাগে চলাইছিল প্ৰচেষ্টা । অবশেষত এতিয়া অহা মাহত আনুষ্ঠানিকভাবে অস্ত্ৰ ত্যাগ কৰিব দুই সংগঠনৰ প্ৰায় ১৪০০ কেডাৰে । মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত হ'ব এই আত্মসমৰ্পণ অনুষ্ঠান । যাৰ বাবে সকলো প্ৰস্তুতি ইতিমধ্যে চুড়ান্ত হৈছে বুলি জনাইছে কাটলিছেড়া সমষ্টিৰ বিধায়ক সুজাম উদ্দিন লস্কৰে ।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

    অসমৰ বৰাক উপত্যকাৰ তিনি জিলাত থকা মিজোৰাম সীমান্তৱৰ্তী পাৰ্বত্য এলেকাত থকা ৰিয়াং জনজাতিৰ সংখ্যা বৰ্তমান প্ৰায় ৪৮ হাজাৰ । কিন্তু বছৰ বছৰ ধৰি বঞ্চনাৰ বলি  হৈ এওঁ লোকে হাতত তুলি লৈছিল হাতিয়াৰ । অবশেষত ৰাজ্য চৰকাৰে এই সকলোক মূলসুঁতিলৈ উভতাই নিয়াৰ প্ৰচেষ্টায় দীৰ্ঘ বছৰৰ পিছতে আনন্দৰ বতাহ বহিছে বৰাক উপত্যকাৰ পাৰ্বত্য অঞ্চলত ।
    Published by:Manjumoni Borah
    First published: