মুখ্যপৃষ্ঠা »খবৰ »অসম »কোকৰাঝাৰত বন্যহস্তীৰ পৃথক আক্ৰমণত একেটা দিনতে দুগৰাকীৰ কৰুণ মৃত্যু

কোকৰাঝাৰত বন্যহস্তীৰ পৃথক আক্ৰমণত একেটা দিনতে দুগৰাকীৰ কৰুণ মৃত্যু

ঝাৰবাৰী বনাঞ্চল আৰু উল্টাপানীৰ লাৱণ্যপুৰত বন্যহস্তীৰ আক্ৰমণ

ঝাৰবাৰী বনাঞ্চল আৰু উল্টাপানীৰ লাৱণ্যপুৰত বন্যহস্তীৰ আক্ৰমণ

ঝাৰবাৰী বনাঞ্চল আৰু উল্টাপানীৰ লাৱণ্যপুৰত বন্যহস্তীৰ আক্ৰমণ

  • Share this:

কোকৰাঝাৰত অঘটন। জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ ঝাৰবাৰীত বন্যহস্তীৰ আক্ৰমণত ৰাণা বসুমতাৰী নামৰ এজন ব্যক্তিৰ মৃত্যু৷ জানিব পৰা মতে, আজি আবেলি ঝাৰবাৰী বনাঞ্চলত খৰি বিচাৰিবলৈ যোৱাৰ সময়ত বন্যহস্তীৰ আক্ৰমণত মৃত্যুমুখত পৰে। ৰাণা সুদেমপুৰী গাঁৱৰ বাসিন্দা আছিল৷


আনহাতে, ভাৰত-ভূটান সীমান্ত অঞ্চলৰ উল্টাপানীৰ লাৱণ্যপুৰতো সংঘটিত হয় অনুৰুপ ঘটনা৷ আজি আবেলি কোকৰাঝাৰ চহৰৰ পৰা উল্টাপানীলৈ উভতি যোৱা পথত উল্টাপানী বনাঞ্চলৰ মাজ পথত বন্যহস্তীৰ আক্ৰমণত টিকাৰাম ৰায় নামৰ আন এগৰাকী ব্যক্তিৰ মৃত্যু হয়৷ উল্লেখ্য যে এই ঘটনাই সমগ্ৰ জিলাখনত গভীৰ শোকৰ ছাঁ পেলাইছে।

শেহতীয়া বাতৰি