মুখ্যপৃষ্ঠা » খবৰ

» অসম

»মৰ্মান্তিক! কুঁৱাত পৰি কৰুণ মৃত্যুক সাৱটিলে পিতা-পুত্ৰই, এতিয়াও সন্ধান নাই মোমাই-ভাগিনৰ

মৰ্মান্তিক! কুঁৱাত পৰি কৰুণ মৃত্যুক সাৱটিলে পিতা-পুত্ৰই, এতিয়াও সন্ধান নাই মোমাই-ভাগিনৰ

News18 Assam | News18-Assam
Updated:June 10, 2020, 10:24 AM IST
মৰ্মান্তিক! কুঁৱাত পৰি কৰুণ মৃত্যুক সাৱটিলে পিতা-পুত্ৰই, এতিয়াও সন্ধান নাই মোমাই-ভাগিনৰ
অসম-অৰুণাচলৰ সীমান্তৱৰ্তী দ্ৰোপাঙত সংঘটিত হৈছে এই শোকাৱহ ঘটনা

অসম-অৰুণাচলৰ সীমান্তৱৰ্তী দ্ৰোপাঙত সংঘটিত হৈছে এই শোকাৱহ ঘটনা

  • Share this:
মৰ্মান্তিক! কুঁৱাত পৰি কৰুণ মৃত্যুক সাৱটিলে পিতা-পুত্ৰই। অসম-অৰুণাচলৰ সীমান্তৱৰ্তী দ্ৰোপাঙত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। উল্লেখযোগ্য যে, দ্ৰোপাংৰ টেচি টানা নামৰ এজন লোকৰ ঘৰত কুঁৱা খন্দাৰ কাম কৰিছিল ৰাজু চাকমা আৰু তেওঁৰ পুত্ৰ অজয় চাকমাই। লগতে আছিল অন্য দুজন সম্পৰ্কীয় মোমাই-ভাগিনে টেজি কাজুম আৰু হালিয়া দেউৰী।

কিন্তু পাহাৰীয়া অঞ্চলটোত প্ৰায় প্ৰায় ৮০ফুট খন্দাৰ পিছতো পানী নোলোৱাত আকৌ খান্দিবলৈ  হালিয়া দেউৰী নামৰ লোকজন কোঁৱাৰ ভিতৰলৈ সোমাই যায়। কিন্তু কুঁৱাৰ তলত উশাহ ল’ব নোৱাৰি চটফটাবলৈ ধৰে লোকজনে। লগে লগে তেওঁক উদ্ধাৰৰ বাবে কুঁৱাৰ ভিতৰলৈ নামে মোমায়েক টেজি কাজুম।

কিন্তু দুুয়োজনেই একে সমস্যাত ভুগাৰ ফলত দুয়োকে উদ্ধাৰৰ বাবে কুঁৱাত জাপ দিয়ে পিতা-পুত্ৰ ক্ৰমে ৰাজু চাকমা আৰু অজয় চাকমাই। কিন্তু বহু সময় ধৰি কোনো এজন কুঁৱাৰ ভিতৰৰ পৰা ওলাই নহাত টচি টানাই বিপদৰ উমান পাই খবৰ দিয়ে আৰক্ষীক।

পিছত অৰুনাচলৰ পাপুমপাৰে জিলাৰ আৰক্ষীৰ সহযোগত SDRF বাহিনীয়ে সাত ঘণ্টা ধৰি অভিযানত প্ৰথমে উদ্ধাৰ কৰে পিতা-পুত্ৰ ৰাজু চাকমা আৰু জয় চাকমাৰ মৃতদেহ। কিন্তু এতিয়াও সন্ধান ওলোৱা নাই  টেজি কাজুম আৰু হালিয়া দেউৰীৰ।
First published: June 10, 2020, 10:23 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি