সৰ্থেবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ পৰা নিছিল সামগ্ৰীখিনি।
সৰ্থেবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ পৰা নিছিল সামগ্ৰীখিনি।
মুখ্যমন্ত্ৰীৰ কোঠাৰ নিৰ্দেশকো কেৰেপ নকৰি লাট মণ্ডল তথা দুই ভাতৃৰ লুণ্ঠনৰাজ। চক্ৰ বিষয়া ত্ৰিদিব কুমাৰ কোঁৱৰৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ দুই মণ্ডল। বান সাহায্য আত্মসাতক লৈ উত্তপ্ত হ'ল সৰ্থেবাৰী। জলপ্ৰলয়ৰ সৃষ্টি হোৱা বৰপেটা জিলাৰ সৰ্থেবাৰীত মণ্ডলে আত্মসাৎ কৰিলে বান সাহায্য।
বান সাহায্য আত্মসাৎ কাৰ্যত জড়িত হ'ল সৰ্থেবাৰী ৰাজহ চক্ৰৰ দুগৰাকী মণ্ডল। বান সাহায্য আত্মসাৎ কাৰ্যত জড়িত মণ্ডল দুগৰাকী হ'ল কান্তেশ্বৰ ডেকা আৰু অজিত ডেকা। অভিযুক্ত কান্তেশ্বৰ ডেকা আৰু অজিত ডেকা দুই ভাতৃ। অভিযুক্ত অজিত ডেকাৰ ঘৰ সৰ্থেবাৰীৰ বেঙাপাৰাত আৰু কান্তেশ্বৰ ডেকাৰ ঘৰ ব্যাসকুছিত বুলি জানিব পৰা গৈছে।
সৰ্থেবাৰী ৰাজহ চক্ৰত কৰ্মৰত দুয়োগৰাকী মণ্ডল। বন্যাৰ্তৰ সাহায্যৰ বাবে অহা দাইল- চাপৰ মণ্ডলে নিয়ে ঘৰলৈ। চাৰি বস্তা দাইল আৰু ৯ বস্তা চাপৰ ঘৰলৈ নিয়াৰ পথত জব্দ কৰিলে স্থানীয় লোকে। ই-ৰিক্সাৰে কান্তেশ্বৰ ডেকাৰ ব্যাসকুছিৰ ঘৰলৈ নি থকা পথত জব্দ কৰা হয় বান সাহায্যখিনি। কান্তেশ্বৰ ডেকাৰ ঘৰলৈ নি থকাৰ মাজতে মণ্ডল অজিত ডেকাৰ বেঙাপাৰাস্থিত ঘৰত নমাইছিল দুই বস্তা দাইল আৰু চাপৰ।
সৰ্থেবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ পৰা নিছিল সামগ্ৰীখিনি। ৰাইজৰ দলৰ সদস্যৰ সহযোগত মণ্ডল অজিত ডেকাৰ ঘৰৰ পৰা উলিয়াই অনা হয় বান সাহায্যৰ দাইল- চাপৰ।ইয়াৰ পিছতেই পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু অভিযুক্ত দুই মণ্ডলক জবাবদিহি কৰে স্থানীয় লোকে। বানপীড়িত লোকৰ নামত অহা বান সাহায্য আত্মসাৎ কৰা দুই মণ্ডলৰ বিৰুদ্ধে চক্ৰ বিষয়া ত্ৰিদিব কুমাৰ কোঁৱৰে সৰ্থেবাৰী আৰক্ষী থানাত দাখিল কৰে গোচৰ।
ইতিমধ্যেই অভিযুক্ত দুই মণ্ডলক গ্ৰেপ্তাৰ কৰিছে সৰ্থেবাৰী আৰক্ষীয়ে । ঘটনাৰ খবৰ পাই সৰ্থেবাৰী থানা আৰু ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈছে অতিৰিক্ত উপায়ুক্ত খনিন্দ্ৰ দাসো
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|