আৰক্ষীয়ে খেদি খেদি গুলীয়াইছিল ট্ৰাকত, সেই ট্ৰাকৰ খুন্দাত দুজনৰ মৃত্যু

দুখন ট্ৰাক আৰু এখন বাইকৰ মাজত সংঘৰ্ষৰ ফলত দুজনৰ মৃত্যু। চুৰি চক্ৰৰ সন্দেহত এখন ট্ৰাকলৈ খেদি খেদি গুলীচালনা কৰিছিল আৰক্ষীয়ে।

News18-Assam
Updated:August 3, 2019, 5:17 PM IST
আৰক্ষীয়ে খেদি খেদি গুলীয়াইছিল ট্ৰাকত, সেই ট্ৰাকৰ খুন্দাত দুজনৰ মৃত্যু
দুখন ট্ৰাক আৰু এখন বাইকৰ মাজত সংঘৰ্ষৰ ফলত দুজনৰ মৃত্যু। চুৰি চক্ৰৰ সন্দেহত এখন ট্ৰাকলৈ খেদি খেদি গুলীচালনা কৰিছিল আৰক্ষীয়ে।
News18-Assam
Updated: August 3, 2019, 5:17 PM IST
ধুবুৰী জিলাৰ বিলাসীপাৰাত ভয়ংকৰ ঘটনা। দুখন ট্ৰাক আৰু এখন বাইকৰ মাজত সংঘৰ্ষৰ ফলত দুজনৰ মৃত্যু। চুৰি চক্ৰৰ সন্দেহত এখন ট্ৰাকলৈ খেদি খেদি গুলীচালনা কৰিছিল আৰক্ষীয়ে। সেই সময়তে ট্ৰাকখনে খুন্দা মাৰে আন এখন ট্ৰাক আৰু এখন বাইকত। ট্ৰাকৰ খুন্দাত দ খাৱৈত পৰেগৈ বাইকখনত থকা দুজন। দুৰ্ঘটনাৰ ফলত থিতাতে প্ৰাণ গ’ল দুজনৰ। দ খাৱৈত সন্ধানহীন হৈ থকা আনজনক উদ্ধাৰৰ বাবে চলি আছে অভিযান। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ। পথ অৱৰোধেৰে সাব্যস্ত কৰে প্ৰতিবাদ, ফলত আবদ্ধ হৈ আছে শ শ যান–বাহন।

আৰু চাওক পৰৱৰ্তী বাতৰি