মুখ্যপৃষ্ঠা » খবৰ

» অসম

»মৰ্মান্তিক! পিতৃৰ সন্মুখতে বানে উটুৱাই নিলে পৰেশ আৰু পুষ্পাক, উদ্ধাৰৰ বাবে খুড়াকে দিলে জাপ

মৰ্মান্তিক! পিতৃৰ সন্মুখতে বানে উটুৱাই নিলে পৰেশ আৰু পুষ্পাক, উদ্ধাৰৰ বাবে খুড়াকে দিলে জাপ

News18 Assam | News18-Assam
Updated:August 15, 2020, 7:49 AM IST
মৰ্মান্তিক! পিতৃৰ সন্মুখতে বানে উটুৱাই নিলে পৰেশ আৰু পুষ্পাক, উদ্ধাৰৰ বাবে খুড়াকে দিলে জাপ
লখিমপুৰৰ এই ঘটনাই এতিয়া কন্দুৱাইছে সকলোকে

লখিমপুৰৰ এই ঘটনাই এতিয়া কন্দুৱাইছে সকলোকে

  • Share this:
মৰ্মান্তিক!  লখিমপুৰত হঠাত্‍ শিঙৰা নৈৰ বলীয়া বানে চলালে তাণ্ডৱ। নিমিষতে খহি পৰিল ৰাস্তা-ঘৰ। বানত উটি গ’ল দুটি কণমানি। দুয়োটি কণমানিক উদ্ধাৰৰ বাবে খুড়াকে সোঁতত জাপ দিয়ে যদিও নোৱাৰিলে শেষ ৰক্ষা কৰিব। নিমিষতে শেষ হৈ গ’ল এখন ঘৰ। উদ্ধাৰ হ’ল খুড়াক আৰু এটি কণমানিৰ মতদেহ। এতিয়াও সন্ধান নাই আনটো কণমানিৰ।



ঘটনা অনুসৰি, আন দিনাৰ দৰে শুকুৰবাৰৰ দিনটোতো পৰেশ আৰু পুষ্পা নামৰ দুটি শিশুৱে পিতৃ কামলৈ যোৱাৰ সময়ত আগবঢ়াবলৈ গৈছিল। সাধাৰণতে বাম হৈ থকা শিঙৰানদীৰ কালৰূপৰ লগতো চিনাকী নাছিল দুয়োটি কণমানি। কিন্তু সেইসময়তে অহা কালৰূপী বানে পিতৃৰ চকুৰ সন্মুখতে উটুৱাই লৈ যায় দুয়োটা কণমনিক। লগে লগে সন্তানক উদ্ধাৰ কৰিবলৈ অসহায় পিতৃ পাছে পাছে দৌৰে যদিও, বানে বহুদূৰ উটুৱাই লৈ যায় দুয়োকে।



দুয়োটা কণমানিক উদ্ধাৰ কৰিবলৈ প্ৰৱল সোঁতত জাপ দিয়ে খুড়াক সুনিল দাসে ৷ কিন্তু চকুৰ পলকতে নদীৰ সোঁতত বিলিনহৈ যায় তিনিও ৷ হুৱদুৱা লাগিল চৌদিশে ৷ লগে লগে কনমানি পুষ্পা,পৰেশ আৰু খুড়াক সুনিল দাসক বিচাৰি কেইবা ঘণ্টা ধৰি চলিল অভিযান।

অৱশেষত প্ৰায় দুই কিলো মিটাৰ দূৰৈত থকা দলোহাটৰ ৩০নং এফ চি গ্ৰাণ্টত সংকটজনক অৱস্থাত উদ্ধাৰ হয় সুনীল দাস ৷ কিন্তু  চিকিত্‍সালয়লৈ নিয়াৰ সময়তে কৰুণ ভাবে মৃত্যুক আঁকোৱালি লৈ সুনীল দাসে। কিছু সময়ৰ পিছতে উদ্ধাৰ হয় পুষ্পা ৰয় নামৰ কণমানি জনীৰো মৃতদেহ। কিন্তু এতিয়ালৈকে সন্ধান নাই পৰেশৰ।
Published by: Himangshu Bhuyan
First published: August 15, 2020, 7:49 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি