কিমান সুৰক্ষিত নৈশ বাছত যাত্ৰা? গুৱাহাটী–যোৰহাট অভিমুখী বাছৰ পৰা বেগ খুলি চোৰে লৈ গ’ল দুটাকৈ লেপটপ

News18 Assam | News18-Assam
Updated:March 10, 2020, 12:29 PM IST
কিমান সুৰক্ষিত নৈশ বাছত যাত্ৰা? গুৱাহাটী–যোৰহাট অভিমুখী বাছৰ পৰা বেগ খুলি চোৰে লৈ গ’ল দুটাকৈ লেপটপ
কিমান সুৰক্ষিত নৈশ বাছত যাত্ৰা?

কিমান সুৰক্ষিত নৈশ বাছত যাত্ৰা?

  • Share this:
সোমবাৰে নিশা গুৱাহাটীৰ পৰা যোৰহাট অভিমুখী ‘AS01LC4500’ নম্বৰৰ ‘‍বৈকুণ্ঠ ট্ৰেভেলচ’ নামৰ নৈশ বাছখনত সংঘটিত হয় চুৰি কাণ্ড। নিশা ১০ বজাত গুৱাহাটীৰ পৰা যাত্ৰা কৰা ডা০ অভিনৱ ভূঞা নামৰ এজন যাত্ৰীৰ দুটা লেপটপ চুৰি হয় বাছখনৰ পৰা। তাৰে এটা লেপটপ News18ৰ সংবাদকৰ্মী হিমাংশু ভূঞাৰ। যিটো লেপটপত বহু খিনি গুৰুত্বপূৰ্ণ নথি–পত্ৰও আছে। পুৱা বাছ খন যোৰহাট পোৱাৰ পিছত যেতিয়া যাত্ৰীগৰাকী বাছৰ পৰা নামে, তেতিয়া লগত থকা বেগটোত লেপটপটো নেদেখি বাছখনৰ চালক আৰু হেণ্ডিমেনক খবৰ দিয়ে, কিন্তু সহায় কৰাৰ পৰিৱৰ্তে চালকজনে বিভিন্ন কথা বতৰাৰে ব্যক্তিজনক অতিষ্ঠ কৰি তুলে।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত ডা০ ভূঞা আৱাসগৃহত উপস্থিত হোৱাৰ পিছত যেতিয়া আনটো লেপলপ থকা বেগ পৰীক্ষা কৰে, তেতিয়া আনটো লেপটপো বেগত প্ৰত্যক্ষ নকৰে।

নৈশবাছৰ পৰা চুৰি হোৱা এইটোৱেই নতুন কৰা নহয়। পূৰ্বেও এনে বহু অনুৰূপ ঘটনা সংঘটিত হৈ আহিছে। কিন্তু ইমানৰ পিছতো নিৰ্বিকাৰ বাছ কৰ্তৃপক্ষ।

এই সন্দৰ্ভত ডা০ ভূঞাই কয় যে, চুৰি হোৱা লোপটপৰ বেগত অন্যান্য আনুসংগিক সামগ্ৰীও আছিল যদিও, কেৱল লেপটপ আৰু লেপটপৰ চাৰ্জাৰহে বেগৰ পৰা নোহোৱা হয়। বহু প্ৰয়োজনীয় নথি পত্ৰ থকা লেপটপ দুটা হেৰুওৱাত এতিয়া বিপদত পৰিছে চিকিৎসকগৰাকী।

ডা০ ভূঞাই লগতে কয় যে, যেতিয়া লেপটপ হেৰুওৱা কথাকলৈ বাছখনৰ চালকক অৱগত কৰিছিল, তেতিয়া সহায় কৰাৰ পৰিৱৰ্তে চালকজনে বিভিন্ন অজুহাতহে দেখুৱাইছিল। বাছখন যেতিয়া নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ ৰখাইছিল, তেতিয়া চিকিৎসকগৰাকী মাত্ৰ ৫ মিনিটৰ কাৰণে বাছখনৰ পৰা বাহিৰলৈ গৈছিল।

ইতিমধ্যে চিকিৎসকগৰাকীয়ে যোৰহাট সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে, কিমান সুৰক্ষিত নৈশ বাছত যাত্ৰা?
Published by: Himangshu Bhuyan
First published: March 10, 2020, 12:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি