PM-KISAN নামত অসমত কেলেংকাৰী, ২ লাখ ৮০ হাজাৰ অযোগ্য হিতাধিকাৰীৰ হাতলৈ চৰকাৰী ধন 

News18 Assam | News18-Assam
Updated:January 12, 2021, 3:04 PM IST
PM-KISAN নামত অসমত কেলেংকাৰী, ২ লাখ ৮০ হাজাৰ অযোগ্য হিতাধিকাৰীৰ হাতলৈ চৰকাৰী ধন 
উল্লেখযোগ্য যে ২০১৯চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে এই আঁচনি ঘোষণা কৰিছিল । এই আঁচনিৰ অধীনত কম উপাৰ্জন কৰা কৃষকৰ পৰিয়ালক বছৰি ৬০০০টকাৰ অনুদান দিয়া হয় ।

উল্লেখযোগ্য যে ২০১৯চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে এই আঁচনি ঘোষণা কৰিছিল । এই আঁচনিৰ অধীনত কম উপাৰ্জন কৰা কৃষকৰ পৰিয়ালক বছৰি ৬০০০টকাৰ অনুদান দিয়া হয় ।

  • Share this:
অসমত PM-KISAN নিধিৰ নামত হৈছে ব্যাপক কেলেংকাৰী । অসমত প্ৰায় ২লাখ ৮০হাজাৰ ভুৱা কৃষকে এই আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হৈছে । আনহাতে সমগ্ৰ দেশতে প্ৰায় ২০লক্ষ অযোগ্য লোকে কৃষকৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰি ১৩৬৪কোটি টকা হৰলুকি কৰিছে । ভুৱা কৃষকৰ তালিকাত পঞ্জাৱ আৰু মহাৰাষ্ট্ৰ পাছতে তৃতীয় স্থান দখল কৰিছে অসমে । RTI কৰ্মী ভেংকতেচ নায়কৰ এখন RTI আবেদনৰ প্ৰত্যুত্তৰত কেন্দ্ৰীয় কৃষি মন্ত্ৰণালয়ে সদৰি কৰিছে এই তথ্য । কেন্দ্রই ইতিমধ্যে ৰাজ্য সমূহৰ কৃষি বিভাগক ধন ঘূৰাই আনিবলৈও নিৰ্দেশ দিছে ।

দিল্লীৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক দি হিন্দুত উল্লেখ কৰা মতে আয়কৰ পৰিশোধ কৰা লোক, চৰকাৰী চাকৰিয়াল, সাংবিধানিক পদবীত থকা ব্যক্তি, ১০০০০ টকাৰ অধিক পেনচন লোৱা লোক তথা ২ হেক্টৰতকৈ অধিক ভূমি থকা লোকে এই তালিকাত নাম অন্তৰ্ভুক্ত কৰি লৈ আছিল সুবিধা । উল্লেখযোগ্য যে ২০১৯চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে এই আঁচনি ঘোষণা কৰিছিল । এই আঁচনিৰ অধীনত কম উপাৰ্জন কৰা কৃষকৰ পৰিয়ালক বছৰি ৬০০০টকাৰ অনুদান দিয়া হয় ।
First published: January 12, 2021, 12:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading