বাকসাৰ সদৰ মুছলপুৰত আজি বিয়লি এক শোকাৱহ দূৰ্ঘটনা সংঘটিত হয় ৷ নিৰ্মিয়মান ঘৰৰ ছাদ খহি দুজন শ্ৰমিকৰ কৰুণ মৃত্যু হয় ৷ মুছলপুৰৰ নিকটৱৰ্তী লামিদ্বাৰাত সংঘটিত হৈছে এই ঘটনা ৷ মৃত্যু হোৱা শ্ৰমিক দুজনৰ ঘৰ ধুবুৰীত ৷
জানিব পৰা মতে মুছলপুৰৰ নিকটৱৰ্তী লামিদ্বাৰাৰ ব্যৱসায়ী জয়ন্ত কলিতাৰ ঘৰৰ বাৰাণ্ডাৰ তলত কাম কৰি থকা অৱস্থাতে হঠাৎ কিছুদিন পূৰ্বে নিৰ্মাণ কৰা ছাদ এখন খহি কাম কৰি থকা শ্ৰমিক কেইজনৰ ওপৰত পৰে ৷ এই ঘটনাত হুছেইন আলী আৰু আমিনুল ইছলাম নামৰ শ্ৰমিক দুজন গুৰুতৰভাবে আহত হয় ৷ আহত হোৱা শ্ৰমিক দুজনক লগে লগে মুছলপুৰত থকা ডা৹ ৰবি বড়ো অসামৰিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসালয়ত চিকিৎসকে হুছেইন আলীক মৃত ঘোষণা কৰে ৷
আনহাতে গুৰুতৰভাবে আহত আমিনুলক উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেললৈ নিয়ে যদিও চিকিৎসালয়লৈ নি থকাৰ সময়ত আদ বাটতে তেওঁঁৰো মৃত্যু হয় ৷ পিছত ঘটনাৰ খবৰ পাই মুছলপুৰ থানাৰ আৰক্ষী দল গৈ লামিদ্বাৰাৰ জয়ন্ত কলিতাৰ ঘৰত উপস্থিত হৈ নিৰ্মিয়মান ঘৰটো পৰিদৰ্শন কৰে আৰু নিৰ্মাণত বিসংগতি দেখি আন দুজন মিস্ত্ৰীক সোধাপোছাৰ বাবে আটক কৰি থানালৈ নিয়ে ৷