দুৰ্গাপূজাৰ আনন্দ-উছাহৰ মাজতে শিৱসাগৰত (Sivsagar) যোৱানিশা ভয়ংকৰ পথ দুৰ্ঘটনাত (Accident) অধিবক্তাসহ ২জন লোক নিহত হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয়।
যোৰহাটৰ দিশৰ পৰা শিৱসাগৰ চহৰ অভিমুখে গৈ থকা অৱস্থাতে ৰুদ্ৰসাগৰৰ মানকটা আলিৰ কাষত থকা এটা দ পুখুৰীত সোমাই পৰে এখন ছুইফ্ট ডিজায়াৰ।
তীব্ৰবেগেৰে গছত খুন্দা মাৰি ASO1 EO O886 নম্বৰৰ ৰঙা ৰঙৰ ছুইফট ডিজায়াৰখন এটা পুখুৰীত সোমাই পৰে। ফলত গাড়ীখনত থকা তিনিজন আৰোহীৰ ভিতৰত অধিবক্তাসহ দুজন নিহত হয়।
নিবেদন শৰ্মা নামৰ এজন অধিবক্তা আৰু ৰ'জমণি দাস নামৰ এজন যুৱক নিহত হয় দুৰ্ঘটনাটোত। গুৰুতৰভাৱে আহত মৃণাল দাস নামৰ যুৱকজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ AMCHলৈ প্ৰেৰণ কৰে। নিহত নিবেদন আৰু ৰ'জমণিৰ ঘৰ ৰুদ্ৰসাগৰত।
পুখুৰীত পৰি থকা অৱস্থাৰ পৰাই গাড়ীখনৰ ভিতৰৰ পৰা তিনিওজন ব্যক্তিক স্থানীয় ৰাইজে উলিয়াই আনিবলৈ সক্ষম হয় যদিও পিছত চিকিৎসকে দুজন মৃত বুলি ঘোষণা কৰে।
ইপিনে, অতি সংকটজনক অৱস্থাত আহত মৃণাল দাসক প্ৰথমে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। আহত মৃণাল দাসৰ ঘৰ বলিয়াঘাটত।
ইপিনে, দুৰ্ঘটনাৰ পিছত নিশাই ক্ৰেন লগাই পুখুৰীৰ পৰা অভিশপ্ত গাড়ীখন তুলি নিয়ে আৰক্ষীয়ে। নিশা উত্তেজিত দুই এক লোকে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ এখন আইনা ভাঙি চূৰমাৰ কৰে। তৎক্ষণাৎ চিকিৎসা ব্যৱস্থা লাভ নকৰাৰ অভিযোগ তুলি উত্তেজিত হৈ পৰে একাংশ লোক। পিছত চিকিৎসক উপস্থিত হোৱাত পৰিস্থিতি শাম কাটে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : October 14, 2021, 08:44 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।