• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘চাৰ আমাক মুকলি কৰি নিয়ক’- আলফা(স্বা)ৰ জিম্মাৰ পৰাই কুইপ'ৰ অপহৃত দুই বিষয়াৰ মুখ্যমন্ত্ৰীলৈ আহ্বান

‘চাৰ আমাক মুকলি কৰি নিয়ক’- আলফা(স্বা)ৰ জিম্মাৰ পৰাই কুইপ'ৰ অপহৃত দুই বিষয়াৰ মুখ্যমন্ত্ৰীলৈ আহ্বান

এমাহে আলফা স্বাধীনৰ হাতত বন্দী হৈ থকা কুইপ' নামৰ তৈলখনন কোম্পানীটোৰ দুই বিষয়াৰ দুটা ভিডিঅ’ অৱশেষত মুকলি কৰিলে আলফা স্বাধীনে ৷

এমাহে আলফা স্বাধীনৰ হাতত বন্দী হৈ থকা কুইপ' নামৰ তৈলখনন কোম্পানীটোৰ দুই বিষয়াৰ দুটা ভিডিঅ’ অৱশেষত মুকলি কৰিলে আলফা স্বাধীনে ৷

এমাহে আলফা স্বাধীনৰ হাতত বন্দী হৈ থকা কুইপ' নামৰ তৈলখনন কোম্পানীটোৰ দুই বিষয়াৰ দুটা ভিডিঅ’ অৱশেষত মুকলি কৰিলে আলফা স্বাধীনে ৷

  • Share this:
এমাহে আলফা স্বাধীনৰ হাতত বন্দী হৈ থকা কুইপ' নামৰ তৈলখনন কোম্পানীটোৰ দুই বিষয়াৰ দুটা ভিডিঅ’ অৱশেষত মুকলি কৰিলে আলফা স্বাধীনে ৷ ভিডিঅ’ দুটাৰ জৰিয়তে অপহৃত দুই বিষয়াই অসম আৰু বিহাৰৰ মুখ্যমন্ত্ৰীক আলফা স্বাধীনৰ কব্জাৰ পৰা মুকলি কৰি নিবলৈ ব্যৱস্থা গ্ৰহণৰ বাবে জনালে কাতৰ আহ্বান ৷

কুইপ' নামৰ তৈলখনন কোম্পানীটোৰ দুজন বিষয়া ৷ এজন শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈ আৰু এজন হ'ল বিহাৰৰ ৰাম কুমাৰ ৷ যোৱা  ১৮ ডিচেম্বৰৰ পৰা আলফা স্বাধীনৰ কব্জাত আছে এই দুই বিষয়া ৷ মুক্তিপণ হিচাপে ইতিমধ্যে আলফা স্বাধীনে দিছে কুইপ' নামৰ কোম্পানীটোক কেতবোৰ স্বৰ্ত ৷ সেই স্বৰ্ত পূৰণ কৰা নাই বাবে আলফা স্বাধীনে মুকলি কৰি দিয়া নাই এই দুই বিষয়াক ৷

ইয়াৰ মাজতে বুধবাৰে অপহৃত দুই বিষয়াৰ দুটা ভিডিঅ’ মুকলি কৰে ৷ এটা ভিডিঅ’ত  প্ৰণৱ কুমাৰ গগৈয়ে আহ্বান জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৷ গগৈয়ে আহ্বান জনালে-  ‘মুখ্যমন্ত্ৰী মহোদয়, আমাক মুকলি কৰি নিয়াৰ বাবে কুইপ'ৰ সৈতে আলোচনা কৰক ৷ আলফা স্বাধীন আৰু কুইপ'ৰ মাজৰ সংঘাতৰ বলি হৈ আমি এমাহে জংঘলত বন্দী হৈ আছো ৷ আমাক মুকলি কৰি নিয়াৰ বাবে কুইপ'ৰ সৈতে কথা পাতক ৷’

একেদৰে আলফা স্বাধীনৰ কব্জাত থকা বিহাৰৰ বিষয়া ৰাম কুমাৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক জনালে আহ্বান ৷ নীতিশ কুমাৰক উদ্দেশ্যি ৰাম কুমাৰে ক'লে-  ‘চাৰ, আমাক মুকলি কৰি নিয়াৰ ব্যৱস্থা কৰক ৷ অসম চৰকাৰৰ আৰু কুইপ'ৰ সৈতে আলোচনা কৰি মোক মুকলি কৰি নিয়াৰ ব্যৱস্থা কৰক ৷ আলফা স্বাধীনৰে থকা কুইপ'ৰ সংঘাতৰ বলি হৈছো আমি ৷’

দুই অপহৃত বিষয়াক মুকলি কৰি অনাৰ ক্ষেত্ৰত কুইপ' নামৰ তৈলখনন কোম্পানীটোৱে বিশেষ উদ্যোগ গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে বিষয়া দুজনৰ পৰিয়ালে ৷ ইয়াৰ পিছত বুধবাৰে দুই অপহৃত বিষয়াই দুই মুখ্যমন্ত্ৰীলৈ আহ্বান জনোৱাৰ পিছত মুক্তি পাবনে বিষয়া দুজনে ? সেয়া এতিয়াও অস্পষ্ট ৷
Published by:Himangshu Bhuyan
First published: