• Home
  • »
  • News
  • »
  • assam
  • »
  • গোৱাৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সম্বৰ্ধিত অসমৰ দুই জুৰী সদস্য

গোৱাৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সম্বৰ্ধিত অসমৰ দুই জুৰী সদস্য

VED - the visionary আৰু 'চেমখৰ' ছবিৰে মুকলি হ'ল ভাৰতীয় পেনোৰামা

VED - the visionary আৰু 'চেমখৰ' ছবিৰে মুকলি হ'ল ভাৰতীয় পেনোৰামা

VED - the visionary আৰু 'চেমখৰ' ছবিৰে মুকলি হ'ল ভাৰতীয় পেনোৰামা

  • Share this:

কালিৰে পৰা গোৱাত আৰম্ভ হৈছে দেশৰ ৫২সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। অহা ২৮ নৱেম্বৰলৈকে চলিবলগীয়া এই মহোৎসৱৰ কালি শুভাৰম্ভ হোৱাৰ পিছত আজি মহোৎসৱৰ অন্তৰ্গত 'ভাৰতীয় পেনোৰামা শাখা'ৰ শুভাৰম্ভ কৰা হয়। আজি পুৱা ১০ বজাত অনুষ্ঠিত এই শুভাৰম্ভ অনুষ্ঠানত ভাৰতীয় পেনোৰামা শাখাৰ জুৰীৰ সদস্যসকলক হিমাচল প্ৰদেশৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰলেকাৰ আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে সম্বৰ্ধনা জনায়।


একোটা স্মাৰক, চাৰ্টিফিকেট আৰু মন্ত্ৰী অনুৰাগ সিং ঠাকুৰৰ স্বাক্ষৰযুক্ত এখন বিশেষ এলবাম প্ৰদান কৰা হয় জুৰী সদস্যসকলক। উল্লেখ্য যে আজি সম্বৰ্ধনা গ্ৰহণ কৰা জুৰী সদস্যসকলৰ ভিতৰত আছিল অসমৰ দুগৰাকীকৈ সদস্য। তেওঁলোক আছিল জ্যেষ্ঠ সাংস্কৃতিক সাংবাদিক তথা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ছবি নিৰ্মাতা শিৱাণু বৰা আৰু লেখক তথা চলচ্চিত্ৰ সমালোচক সুব্ৰতজ্যোতি নেওগ।


ভাৰতীয় পেনোৰামা শাখাৰ আৰম্ভণি ছবি হিচাপে প্ৰদৰ্শিত হয় নন-ফিচাৰ শাখাৰ এখন উল্লেখযোগ্য ছবি 'VED - the vissionary' । ৬৩ মিনিট দৈৰ্ঘ্যৰ এই তথ্যচিত্ৰখন উপভোগ কৰি সকলোৱে একেমুখে প্ৰশংসা কৰে।


ইয়াৰ পিছতেই প্ৰদৰ্শিত হয় ফিচাৰ শাখাৰ অ'পেনিং ছবি হিচাপে অসমৰ আইমী বৰুৱা পৰিচালিত ডিমাছা ছবি 'চেমখৰ' । উল্লেখযোগ্য যে এই শাখাৰ দেশৰ সাতগৰাকী জুৰী সদস্যৰ ভিতৰত আছিল অসমৰ শিৱাণু বৰা আৰু সুব্ৰতজ্যোতি নেওগ । মুঠ ২০খন ছবি এই শাখাত প্ৰদৰ্শিত হ'ব।


আনহাতে, ২৪খন ছবি প্ৰদৰ্শিত হ'ব ফিচাৰ শাখাত । দুপৰীয়া ১ বজাত জুৰী সদস্যসকলৰ সৈতে এখন সংবাদ মেল অনুষ্ঠিত হয় । উক্ত সংবাদ মেলত বৰ্তমান পুৰস্কাৰপ্ৰাপ্ত তথা সন্মান লাভ কৰা ছবিসমূহে সন্মুখীন হৈ অহা আৰ্থিক সমস্যা তথা প্ৰদৰ্শনৰ সমস্যাৰ কথা সাংবাদিকক ব্যক্ত কৰে কেইবাগৰাকী জুৰী সদস্যই। চৰকাৰক এই সমস্যাসমূহক গুৰুত্ব দি সমাধানৰ এক পথ নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনায় জুৰী সদস্যসকলে।

Published by:Gautam Barman
First published: