কাছাৰৰ লাইলাপূৰ ঘটনাত আহত হোৱা আৰক্ষী জোৱান গোপেশ্বৰ সিন্হা আৰু আশীষ কান্তি দাসৰ উন্নত চিকিৎসা ৰ বাবে এয়াৰ এম্বুলেঞ্চ যোগে গুৱাহাট
কাছাৰৰ লাইলাপূৰ ঘটনাত আহত হোৱা আৰক্ষী জোৱান গোপেশ্বৰ সিন্হা আৰু আশীষ কান্তি দাসৰ উন্নত চিকিৎসা ৰ বাবে এয়াৰ এম্বুলেঞ্চ যোগে গুৱাহাট
অসম-মিজোৰাম সীমান্ত (Assam-Mizoram Border)ত কাছাৰৰ লাইলাপূৰ (Lailapur, Cachar)ঘটনাত আহত হোৱা আৰক্ষী জোৱান গোপেশ্বৰ সিনহা আৰু আশীষ কান্তি দাসৰ উন্নত চিকিৎসাৰ বাবে মঙলবাৰে সন্ধিয়া শিলচৰ মেডিকেল কলেজ হাস্পতাল (SMCH)ৰ পৰা এয়াৰ এম্বুলেন্স যোগে গুৱাহাটীলৈ লৈ অনা হয়। বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত আৰক্ষী জোৱান গোপেশ্বৰ সিনহা আৰু আশীষ কান্তি দাসক এম্বুলেন্স যোগে পোনে পোনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH)লৈ লৈ যোৱা হয়।
উল্লেখ্য যে সোমবাৰে মিজোৰাম আৰক্ষী আৰু মিজো দুৰ্বৃত্তই সন্মিলিতভাৱে কৰা আক্ৰমণত অসমৰ ৫ জোৱান শ্বহীদ হোৱাৰ লগতে আহত হৈছিল ৪২ জন জোৱান। এওলোকৰ ভিতৰতে গুৰুতৰভাৱে আহত হৈছিল গোপেশ্বৰ সিনহা আৰু আশীষ কান্তি দাস।
ইপিনে আজি দিনৰ ভাগতে কাছাৰৰ আৰক্ষী অধীক্ষক (SP) বৈভৱ চন্দ্ৰ নিম্বলকৰক উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেন্সাৰে মুম্বাইলৈ নিয়া হয়। এছপি নিম্ৱবলকৰৰ উৰুত গুলী লগাত গুৰুতৰভাৱে আহত হৈছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|