জেহাদীৰ বিৰুদ্ধে অব্যাহত আৰক্ষীৰ অভিযান। বৰপেটাত পুনৰ ২ জেহাদী গ্ৰেপ্তাৰ।গ্ৰেপ্তাৰ হোৱা দুই জেহাদী ক্ৰমে ঢাকালীয়াপাৰাৰ আকবৰ আলী আৰু যোশীহাটীৰ আবুল কালাম আজাদ বুলি জানিব পৰা গৈছে।
বৰপেটা আৰক্ষীয়ে কালি নিশা সৰভোগৰ বিকুমাৰী তুপৰ তমসেৰ আলীৰ ঘৰৰ পৰা আটক কৰিছিল ধৃত দুই জেহাদীক।
সোধা-পোছাৰ অন্তত আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জেহাদী দুটাক। ধৃত দুই জেহাদীক আজি আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে জেহাদী আকবৰ আলী আৰু আবুল কালাম আজাদক ১০ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে।
Published by: Gautam Barman
FIRST PUBLISHED : August 28, 2022, 21:08 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।