হৰিনামৰ ধ্বনিৰে দ্বিতীয় বৈকুণ্ঠ পুৰীলৈ ৰূপান্তৰিত হৈছে গৌৰৱজ্বল ২০০ বছৰত ভৰি দিয়া নগাঁও চহৰৰ উত্তৰ হয়বৰগাঁওস্থিত বৰনামঘৰ প্ৰাঙ্গন।ঐতিহ্যমণ্ডিত বৰনামঘৰৰ দ্বিশতাব্দী উপলক্ষে চাৰিদিনীয়া কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস উদাযপন কৰা হৈছে।
বুধবাৰে ঐতিহ্যমণ্ডিত বৰনামঘৰৰ ২০০ বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ প্ৰথম দিনা কাৰ্যসূচীত ধৰ্মধ্বজা উত্তোলন কৰা হয়।পৰবৰ্তী সময়ত বৰনামঘৰৰ বাটচ'ৰা উন্মোচন কৰে নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে। লগতে নামঘৰৰ সন্মুখৰ দ্বিতীয় তোৰণখনি উন্মোচন কৰে উদযাপন সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক ৰূপক শৰ্মাই।ইয়াৰ পিছতেই বিভিন্ন জাতি ,জনগোষ্ঠীৰ বাৰেৰহনীয়া কৃষ্টি প্ৰদৰ্শনেৰে বৰনামঘৰ প্ৰাঙ্গনৰ পৰা সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচীত উলিওৱা হয়।
বুধবাৰে প্ৰথম দিনাৰ কাৰ্যসূচীৰ অন্ততঃ আজি দ্বিতীয় দিনা পূৱা ঐতিহ্যমণ্ডিত বৰনামঘৰৰ প্ৰাঙ্গনত ২০০খনকৈ পতাকা উত্তোলন কৰা হয়। আজি পূৱাই বৰনামঘৰ প্ৰাঙ্গনত উপস্থিত হৈ গৌৰৱোজ্বল ২০০ বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ মূল পতাকা উত্তোলন কৰে কৰে উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই।মূল পতাকা উত্তোলনৰ পিছতেই ১৯৯ খন পতাকা উত্তোলন কৰে আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলৰ লগতে বৰনামঘৰৰ অন্তৰ্গত ১২০ ঘৰ পৰিয়ালৰ মূৰব্বীসকলে।পতাকা উত্তোলনথলীত বৰনামঘৰৰ পৰিচালনা সমিতিৰ সমূহ বিষয়ববীয়া আৰু উদযাপন সমিতিৰ বিষয়ববীয়াৰ লগতে ভকত,বৈষ্ণৱ, আইমাতৃসকল উপস্থিত থাকে। উল্লেখযোগ্য যে জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকায়ো এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।
Published by: Kokil Sarma
FIRST PUBLISHED : February 16, 2023, 17:27 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।