২২৬বছৰীয়া এক বৰ্ণাঢ্য পৰম্পৰা ৷ বাৰেচহৰীয়া ভাওনা ৷ বহু কাৰণতে দুটাকৈ শতিকা গৰকি ই হৈ ৰেছে অনন্য ৷ ৰঘুদলনী পথাৰৰ পৰা পকামূৰা পথাৰলৈ ১৭৯৭ৰ পৰা ২০২৩লৈ এক বৰ্নাধ্য পৰম্পৰাৰ সাক্ষী বাৰেচহৰীয়া ভাওনা বহুক্ষেত্ৰতে একক ৷
এটা পৰম্পৰাক জীয়াই ৰখাৰ এক অনন্য প্ৰচেষ্টাৰ নাম বাৰেচহৰীয়া ভাওনা ৷ শংকৰী কলা-কৃষ্টিৰ উৰ্বৰাঞ্চল জামুগুৰিহাটৰ ৰঘুদলনী পথাৰত আৰম্ভ হৈছিল এই আধ্যাত্মিক আৰু সাংস্কৃতিক বিপ্লৱ ৷ সময়ৰ সোঁতত ৰঘুদলনী পথাৰৰ পৰা এই ঐতিহ্যৰ ধাৰা ব'বলৈ আৰম্ভ কৰিলে পকামূৰা পথাৰত ৷ পকামূৰা পথাৰ আজি প্ৰাণৱন্ত ৷ প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে উদযাপিত হোৱা এই বাৰেচহৰীয়া ভাওনা আজি ২২৬বছৰীয়া হ'ল ৷ এই ভাওনাৰ মূল আকৰ্ষণ একো একোটা খলা ৷ একো একোটা খলাৰ সন্মুখত একো একোটা চোঁঘৰ বা মণিকুট বা গ্ৰীণ ৰূম ৷ চন্দ্ৰতাপৰ পৰা খলাই খলাই থকা খুটাকে ধৰি, খেৰৰ চাললৈকে সকলোবোৰ স্থানীয় লোকে অনা নিৰ্মাণ কৰা সজুলীয়েই ৷ ক'তো নাপাব কৃত্ৰিমতাৰ গোন্ধ, টেণ্ট হাউচৰ চমক ৷ খেৰৰ ছোঁঘৰতে মাহ প্ৰসাদৰ পৰা ভাৱৰীয়াৰ মেক আপ সকলো হয় ৷ খলা সমূহত একেলগে দবা যেনেকৈ বাজি উঠে, নাম প্ৰসংগ যেনেকৈ হয় একেদৰে ভাওনাও হয় ৷ একে সময়তে ২১খন খলাত সকলো সমানে ৷ "UNESCOৰ সাংস্কৃতিক ঐতিহ্যৰ অনুষ্ঠান হিচাপে বাৰেচহৰীয়া ভাওনাই স্থান পাব লাগে ৷ এই অনুষ্ঠান সচাকৈয়ে একক আৰু অনন্য ৷ ইমান সহজ নহয় এনে এক অনুষ্ঠান বৰ্তাই ৰখা ৷ তাকো এনেকুৱা এক পৰিৱৰ্তিত সময়ত ৷"—এনেদৰে কয় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডা৹ ধ্ৰুৱজ্যোতি বৰাই। বৰাই বাৰেচহৰীয়া উদযাপন সমিতিৰ সভাপতি পদ্ম হাজৰিকাক আগভাগ ল'বলৈ বাৰেচহৰীয়া ভাওনাৰ দ্বিতীয় দিনটোত আহ্বান জনায়৷
উল্লেখ্য যে , বাৰেচহৰীয়া ভাওনাৰ প্ৰদৰ্শনী স্থলীয়েও আকৰ্ষিত কৰিব আপোনাক ৷ জীৱন্ত প্ৰতীকি গঁড়ে আকৃষ্ট কৰিছে বাৰেচহৰীয়া ভাওনালৈ অহা সকলোকে। একেদৰে, আকৰ্ষণ কৰিছে প্ৰতীকি ৰূপত কণ্যকাইও ৷ জামুগুৰিহাটৰ ৰাইজৰ বাবে বাৰেচহৰীয়া ভাওনা আয়ুসৰেখাৰ দৰে ৷ ভোজন স্থলীত ভক্তপ্ৰাণ ৰাইজক নামৰ ৰসৰ মাজত ভোজন কৰোৱা আৰু ভোজন কৰাৰো যেন ইয়াত আছে এক সুকীয়া মাদকতা ৷ মুঠৰ ওপৰত এই ভাওনা সুকীয়া, সুকীয়া ইয়াৰ ঐতিহ্য ৷ বাৰেচহৰীয়া ভাওনা চলি আছে, চলি থাকিব অনিৰুদ্ধ যাত্ৰাৰে ...
Published by: Kokil Sarma
FIRST PUBLISHED : March 07, 2023, 22:24 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।