• Home
  • »
  • News
  • »
  • assam
  • »
  • কলিয়াবৰৰ দুই যুৱতীয়ে দেখুৱাইছে নিদৰ্শন, উচ্চশিক্ষিত দৰ্শনা আৰু জিম্পীয়ে আৰম্ভ কৰিছে কৰ্মমুখী যাত্ৰা

কলিয়াবৰৰ দুই যুৱতীয়ে দেখুৱাইছে নিদৰ্শন, উচ্চশিক্ষিত দৰ্শনা আৰু জিম্পীয়ে আৰম্ভ কৰিছে কৰ্মমুখী যাত্ৰা

স্নাতকোত্তৰ ডিগ্ৰী লৈ অকল চাকৰিৰ পিছতে দৌৰি নাথাকি নিজৰ সংস্থাপনৰ কাৰণে জখলাবন্ধাৰ মাজ মজিয়াত ‘অসমীয়া ছোৱালী Taste of tandoor’ নাম দি বিগত ৬ নৱেম্বৰত আৰম্ভ কৰিছে এখন ফাষ্ট ফুডৰ বিপণী।

  • Share this:
কথাৰে নহয়, কৰ্মৰে অসমীয়াগিৰিৰ নিদৰ্শন দেখুৱাইছে কলিয়াবৰৰ দুই বান্ধৱীয়ে। কলিয়াবৰৰ হাটবৰৰ দৰ্শনা শইকীয়া আৰু জিম্পী শইকীয়াই দেখুৱাইছে প্ৰকৃত অসমীয়াগিৰিৰ নিদৰ্শন।

উচ্চশিক্ষিত দুই বান্ধৱী দৰ্শনা আৰু জিম্পীয়ে চৰকাৰী চাকৰিৰ পিছত দৌৰি নাথাকি নিজেই উলিয়াই লৈছে নিজৰ কৰ্ম সংস্থাপন। জেষ্ঠ ভগ্নী জিম্পীক মাজে মাজে এই বিপণীত সহযোগিতা আগবঢ়াইছে ভগ্নী তৃষ্ণায়ো।

স্নাতকোত্তৰ ডিগ্ৰী লৈ অকল চাকৰিৰ পিছতে দৌৰি নাথাকি নিজৰ সংস্থাপনৰ কাৰণে জখলাবন্ধাৰ মাজ মজিয়াত ‘অসমীয়া ছোৱালী Taste of tandoor’ নাম দি বিগত ৬ নৱেম্বৰত আৰম্ভ কৰিছে এখন ফাষ্ট ফুডৰ বিপণী।

উচ্চশিক্ষিত দুই যুৱতীয়ে নিষ্ঠাৰে কৰা এই কৰ্মক শলাগ লৈছে কলিয়াবৰৰ বিভিন্নজনে। জখলাবন্ধাৰ ASTC বাছ আস্থানৰ প্ৰাংগণত এই ফাষ্ট ফুডৰ বিপণীয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। দৰ্শনা শইকীয়া আৰু জিম্পী শইকীয়াৰ এনে পদক্ষেপে কৰ্মমুখী হ'বলৈ প্ৰেৰণা যোগব বহু নিবনুৱা যুৱক–যুৱতীক।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি