নগাঁও জিলাৰ বেবেজীয়া কুৰুৱাবাহীত এটি গৰুৰ পোৱালিয়ে সৃষ্টি কৰিছে চাঞ্চল্যৰ।বেবেজীয়াৰ কুৰুৱাবাহীৰ প্ৰবীণ বৰা নামৰ লোকজনৰ ঘৰত মঙলবাৰে পুৱা জন্ম লাভ কৰা এটি গৰু পোৱালিক লৈ সমগ্র অঞ্চল জুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ। দেখাত সাধাৰণ গৰু পোৱালিটকৈ ব্যতিক্ৰম এই পোৱালিটো।
মঙলবাৰে জন্ম হোৱা গৰু পোৱালিটোৰ দুখন মুখৰ লগতে চাৰিটা চকু আছে। বৰ্তমানলৈকে জীৱিত অৱস্থাত আছে আশ্চৰ্যজনক এই গৰু পোৱালিটো। পশু চিকিৎসকে গৰু পোৱালিটো পৰীক্ষা কৰি সুস্থ বুলি গৃহস্থক জানিবলৈ দিছে।
ইতিমধ্যে গৰু পোৱালিটোৱে অঞ্চলবাসী ৰাইজৰ মাজত উৎসুকতাৰ সৃষ্টি কৰিছে।অস্বাভাৱিক পোৱালিটো জন্ম দিয়া গাইজনীও বৰ্তমান সুস্থ-সৱল অৱস্থাত আছে বুলি গৃহস্থই জানিবলৈ দিছে।