যোৰহাটবাসীয়ে দুই এদিনতে লাভ কৰিব দুটা ভাল খবৰ!

যোৰহাট সমষ্টিৰ পথ নিৰ্মাণৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা বিধায়কগৰাকীৰ কাৰ্যকালত প্ৰায় ৩৫০ কিলোমিটাৰতকৈয়ো অধিক পকীপথ নিৰ্মাণ কৰা হৈছে বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে।
যোৰহাট সমষ্টিৰ পথ নিৰ্মাণৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা বিধায়কগৰাকীৰ কাৰ্যকালত প্ৰায় ৩৫০ কিলোমিটাৰতকৈয়ো অধিক পকীপথ নিৰ্মাণ কৰা হৈছে বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে।
- News18 Assam
- Last Updated: February 8, 2021, 12:43 PM IST
যোৰহাটত উন্নয়নমূলক কাম–কাজসমূহ কৰিবলৈ যাওতে একাংশ দল-সংগঠন তথা লোকে কেতিয়াবা ঋণাত্মক দৃষ্টিভংগীৰে বিৰোধিতা কৰি বাধাৰ সৃষ্টি কৰে বুলি ক্ষোভ ব্যক্ত কৰে বিধায়কগৰাকীয়ে। যোৰহাটৰ পুৰণা এএছটিচি বাছ আস্থান চৌহদত এটা আধুনিক সা-সুবিধাযুক্ত পাব্লিক টয়লেট কমপ্লেক্স উদ্বোধন কৰি বিধায়কগৰাকীয়ে কয় যে তেওঁ একাংশ লোকে কৰি অহা ভাল কামত উৎসাহ দিবৰ বাবে এই অনুষ্ঠানলৈ আহিছে। যোৰহাটৰ জানকী দেৱী আগৰৱালা চেৰিটেবল ট্ৰাষ্টৰ দ্বাৰা ৰাইজৰ সুবিধাৰ্থে নিৰ্মাণ কৰা এই আধুনিক পাব্লিক টয়লেটৰ নিৰ্মাণৰ সময়ত এটা জাতীয় সংগঠনৰ সদস্যই ইয়াৰ বিৰোধিতা কৰি নিৰ্মাণকাৰ্য বন্ধ কৰি দিছিল। বিধায়কগৰাকীয়ে এনে কাৰ্যৰ বিৰোধিতা কৰি কয় যে ৰাইজৰ বাবে যোৰহাটৰ একাংশ লোকে মৌনভাৱে কাম কৰি আহিছে আৰু আমি সেইসকল লোকক উৎসাহ দিব লাগে।
"যোৰহাটত ভাল কাম কৰিবলৈ যোৱাটো কঠিন। এনে কাম কৰিবলৈ যাওতে আমি চেষ্টা কৰিয়েই থাকিব লাগিব। কিছুমান দল-সংগঠনে কেতিয়াবা কেতিয়াবা এনে কামৰ বিৰুদ্ধে ঋণাত্মক ভূমিকা লয়। এই ঋণাত্মক দৃষ্টিভংগীসমূহক আমি আওকাণ কৰি চলিব লাগিব। যোগাত্মক ধাৰণাৰে আগবাঢ়িলে এনেধৰণে ৰাইজৰ কাম কৰিবলৈ আৰু মানুহ ওলাই আহিব।", যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে এনেদৰে কয়।