ভুক্তভোগীয়ে সুযোগ বুজি পলায়ন কৰি নিলামবজাৰ থানালৈ আহি গোচৰ তৰে।
ভুক্তভোগীয়ে সুযোগ বুজি পলায়ন কৰি নিলামবজাৰ থানালৈ আহি গোচৰ তৰে।
সমগ্ৰ দেশ দীপাৱলী তথা কালীপূজাৰ আনন্দত ব্যস্ত থকাৰ সময়তে কৰিমগঞ্জৰ নিলামবজাৰত পোহৰলৈ আহিল এক জঘন্য ঘটনা। ত্ৰিপুৰাৰ দুগৰাকী যুৱতীক ৬ নৰপিশাচে ধৰ্ষন কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছ।
ঘটনাৰ বিৱৰণী অনুসৰি, যুৱতী দুগৰাকীয়ে শুকুৰবাৰে শিলচৰ মেডিকেল কলেজ হাস্পতালত কৰ্কট ৰোগত আক্ৰান্ত হৈ ভৰ্তি হৈ থকা মাতৃক চাবলৈ আহিছিল। সন্ধিয়া এখন এল্টো গাড়ী ভাড়া কৰি ত্ৰিপুৰালৈ উভতিছিল দুয়ো। মাজবাটত চালকে চতুৰালি কৰি গাড়ী ভুল পথৰে লৈ গৈ নিশা ১ বজাত নিলাম বজাৰৰ এটা নিৰ্মীয়মান ঘৰত যুৱতী দুগৰাকীক বন্দী কৰি আন ৫যুৱকৰ সৈতে বলাৎকাৰ কৰে।
শনিবাৰ বিয়লিৰ ভাগত ভুক্তভোগীয়ে সুযোগ বুজি পলায়ন কৰি নিলামবজাৰ থানালৈ আহি গোচৰ তৰে। গোচৰৰ ভিত্তিত আৰক্ষীয়ে ততাতৈয়াকৈ তদন্তত নামি ভুক্তভোগীৰ জবানবন্দী অনুসৰি ঘটনাস্থলী পৰিদৰ্শন কৰি বহু সামগ্ৰী জব্দ কৰাৰ লগতে এজনক আটক কৰিবলৈ সক্ষম হয়। ধৃত যুৱকজনৰ নাম আব্দুল আহাদ। বাকী পাঁচজন দুৰ্বৃত্ত বৰ্তমানে পলাতক হৈ আছে। নিশা নিলামবজাৰ থানাত কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকসহ আন আন শীৰ্ষ বিষয়া উপস্থিত হৈ ধৃত আব্দুল আহাদক সোধা–পোছা কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|