ঘৰত কাজিয়া লাগি ওলাই গৈছিল মাতৃ আৰু ২ কন্যা, তিনিদিন পিছত উদ্ধাৰ দুই কন্যাৰ অৰ্ধগলিত মৃতদেহ, সন্ধানহীন মাতৃ

বগৰীবাৰী আটানী গাঁৱৰ মাতৃসহ দুই কন্যা ১১ ডিচেম্বৰত বিলাসীপাৰাৰ মোমায়েকৰ ঘৰলৈ গৈছিল।
বগৰীবাৰী আটানী গাঁৱৰ মাতৃসহ দুই কন্যা ১১ ডিচেম্বৰত বিলাসীপাৰাৰ মোমায়েকৰ ঘৰলৈ গৈছিল।
- News18 Assam
- Last Updated: December 25, 2020, 9:08 AM IST
উল্লেখযোগ্য যে ১১ ডিচেম্বৰত গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আটানী বজাৰ অঞ্চলৰ বাসিন্দা তথা ডাক বিভাগৰ কৰ্মচাৰী সমীৰ বসাকৰ ঘৰত পাৰিবাৰিক কাজিয়াৰ পিছত পত্নী ৰাখী বসাক(৩২) আৰু দুই কন্যা সন্তান ক্ৰমে চুমি বসাক (১৬)আৰু আনিছা বসাক(১২) বিলাসীপাৰালৈ ওলাই গৈছিল।
ঘৰৰ পৰা ওলাই যোৱা পিছৰে পৰা সন্ধানহীন হৈ পৰে তিনিও। পিছত নিৰুদ্দিষ্ট হোৱা ৰাখি বসাকৰ স্বামী সমীৰ বসাকে আটানী আৰক্ষী চকীত পত্নী আৰু দুই কন্যা নিৰুদ্দিষ্ট হোৱা বুলি এক অভিযোগ দাখিল কৰিছিল।
ইপিনে অঞ্চলটোৰ ৰাইজে অভিযোগ কৰা মতে, সমীৰ বসাকে বিভিন্ন কাৰণত আৰ্থিক দৈন্যতাত ভুগি আছিল। ফলত ঘৰখন ধাৰত পোত গৈছিল। এনে এক ৰহস্যজনক ঘটনাৰ উচিত তদন্ত বিচাৰি আৰু দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ অঞ্চলবাসী ৰাইজে আৰক্ষী–প্ৰশাসনৰ ওচৰত দাবী জনাই আহিছিল। আটানী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই এই সংক্ৰান্তত ১৫১২/২০ আৰু ১৫৪৪/২০ নম্বৰৰ দুটাকৈ গোচৰ ৰুজু কৰি সমগ্র ঘটনাৰ তদন্ত কৰি বহু চাঞ্চলকৰ তথ্য উৎঘাটন কৰিছে।
উক্ত তদন্তৰ ভিত্তিত আৰক্ষীয়ে সমীৰ বসাক নামৰ লোকজনৰ খুলশালীয়েকৰ লগত অবৈধ সম্পৰ্ক আছিল আৰু পৰিকল্পিতভাৱে সম্পূৰ্ণ পৰিয়ালটোক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে।
ইতিমধ্যে, আৰক্ষীয়ে সমীৰ বসাকৰ লগতে খুলশালী ৰুমী বসাক আৰু তালেব আলীক বুধবাৰে আটক কৰি তদন্ত অব্যাহত ৰাখিছে।