আজি ধিঙত জাৰ্মানৰ পৰা দুই পৰ্যটক আহি উপস্থিত হয়। এছিয়া বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হোৱা বাহঁ শিল্পী ভৰত জ্যোতি দেবনাথৰ ধিং বেটকাটি বালিগাঁৱস্থিত বাসগৃহত আহি উপস্থিত হয় সুদুৰ জাৰ্মানীৰ পৰ্যটক দুগৰাকী।
ভৰত জ্যোতি দেবনাথৰ হাতৰ পৰশত প্ৰাণ পাই উঠা বাঁহৰ বিভিন্ন সামগ্ৰী যেনে কাপ–প্লেট, ট্ৰে, ফ্লাক্স, সত্ৰীয়া নৃত্যৰ পোছাক, ফুলি, জাকৈ, খালৈ, কানফুলি, ডুকডুগী , মহৰ শিঙৰ পেপা , গগনা আৰু খুটুলা আদি বিভিন্ন বাহঁৰ শিল্প সামগ্ৰী চাই অভিভূত হৈ পৰে পৰ্যটক কেইগৰাকী। পৰ্যটক দুগৰাকীয়ে ধিঙৰ প্ৰগতি লাইব্ৰেৰীত বাঁহৰ বিভিন্ন সামগ্ৰী পৰিদৰ্শন কৰে। তেওঁলোক দুয়োজনে পেপা আৰু গগনা বজোৱাৰ লগতে মনপুতি শুনিলে গুৰুজনাৰ অপূৰ্ব সৃষ্টি আৰু কৃষ্টি ৰাজিৰ বিষয়ে। তেওঁলোকে ভৰত জ্যোতি দেৱনাথৰ সৃষ্টিৰাজিক লৈ অতিকৈ মোহিত হয়।
ইয়াৰোপৰি তেওঁলোকে ধিঙত ৰাস নৃত্য কৰিলে জাৰ্মানীৰ দুই পৰ্যটকে।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|