
হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ ৰায়পাৰা এলেকাৰ ১০টা বানাক্ৰান্ত পৰিয়ালৰ পৰা সংগ্ৰহ কৰিছিলে মুঠ ৭১ হাজাৰ টকা।
হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ ৰায়পাৰা এলেকাৰ ১০টা বানাক্ৰান্ত পৰিয়ালৰ পৰা সংগ্ৰহ কৰিছিলে মুঠ ৭১ হাজাৰ টকা।
হাইলাকান্দিত বান সাহায্য প্ৰদানৰ নামত ধন সংগ্ৰহ কৰি গ্ৰেপ্তাৰ হ’ল দুই প্ৰৱঞ্চক। জিলা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী বুলি পৰিচয় দি ধন সংগ্ৰহ কৰিছিল অব্দুল শুক্কুৰ চৌধুৰী আৰু হাবিবুৰ ৰহমান নামৰ এই দুই প্ৰৱঞ্চকে। হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ ৰায়পাৰা এলেকাৰ ১০টা বানাক্ৰান্ত পৰিয়ালৰ পৰা সংগ্ৰহ কৰিছিলে মুঠ ৭১ হাজাৰ টকা। বৃহস্পতিবাৰে নিশা দ্বিতীয় কিস্তিৰ ধন সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়তে ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে দুই প্ৰৱঞ্চকক। দুয়োৰে পৰা আলগাপুৰ আৰক্ষীয়ে আন বহু নথিৰ সৈতে হাইলাকান্দি জিলা উপায়ুক্ত কাৰ্যালয়ৰ দুখন ভুৱা পৰিচয় পত্ৰও উদ্ধাৰ কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|