• Home
  • »
  • News
  • »
  • assam
  • »
  • Raimona National Park: ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী আৰু বনকৰ্মীৰ মাজত সংঘৰ্ষ, আহত দুই বনকৰ্মী

Raimona National Park: ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী আৰু বনকৰ্মীৰ মাজত সংঘৰ্ষ, আহত দুই বনকৰ্মী

চোৰাং চিকাৰীৰ লগত সংঘৰ্ষত মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বনকৰ্মী দুজন সম্প্ৰতি কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত চিকিৎসাধীন।

চোৰাং চিকাৰীৰ লগত সংঘৰ্ষত মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বনকৰ্মী দুজন সম্প্ৰতি কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত চিকিৎসাধীন।

চোৰাং চিকাৰীৰ লগত সংঘৰ্ষত মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বনকৰ্মী দুজন সম্প্ৰতি কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত চিকিৎসাধীন।

  • Share this:
কোকৰাঝাৰ জিলাৰ কচুগাঁও বনসংমণ্ডৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী আৰু বন কৰ্মীৰ মাজত শুক্ৰবাৰে সংঘটিত হোৱা সংঘৰ্ষত চোৰাং চিকাৰীৰ আক্ৰমণত দুগৰাকী বন কৰ্মচাৰী গুৰুতৰভাৱে আহত হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ ৰাইমনা ৰেঞ্জ এলেকাত কালি সন্ধিয়া এই ঘটনা সংঘটিত হয় (Two forest guard seriously injured)। মূৰত গুৰুতৰভাৱে আঘাত পোৱা বনকৰ্মী দুজন জয়নাথ নাৰ্জাৰী আৰু ৰণেন্দ্ৰ ৱাৰী সম্প্ৰতি কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আনহাতে বন কৰ্মীসকলে খেদি খেদি অনন্ত বসুমতাৰী নামৰ এটা চোৰাং চিকাৰীক আটক কৰে।

উল্লেখ্য যে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত (Raimona National Park) বন কৰ্মীৰ দলে  নিয়মীয়া টহল দি থকা সময়তে সাত-আঠ জনীয়া চোৰাং চিকাৰীৰ সৈতে মুখামুখি হয় আৰু চোৰাং চিকাৰীয়ে বন কৰ্মীক খুকৰিৰে আক্ৰমণ কৰে।

ৰাইমনা ৰেঞ্জৰ ৰেঞ্জ বিষয়া বিশ্বজিৎ বসুমতাৰীয়ে ঘটনা সন্দৰ্ভত চৰাইবিল আৰক্ষী চকীত গোচৰ তৰে বুলি জানিব পৰা গৈছে। বনকৰ্মীক আক্ৰমণ কৰা ঘটনাৰ লগত জড়িত থকা ব্যক্তিসকলক আটক কৰা হ'ব বুলি চৰাইবিল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মিজানুৰ ৰহমানে জানিবলৈ দিয়ে (poachers attack)।

উল্লেখ্য যে বিশ্ব গঁড় দিৱসৰ দিনা ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ ৫৭ গৰাকীকৈ চোৰাং চিকাৰীয়ে বিটিচি চৰকাৰৰ ওচৰত অস্ত্ৰসহ আত্মসমৰ্পণ কৰিছিল। আনহাতে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা যোৱা ৫ মাৰ্চত হাতীৰ দুটা দাঁতসহ ছটাকৈ চোৰাং চিকাৰীক আটক কৰিছিল বনকৰ্মীসকলে।

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখন প্ৰচুৰ জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান মূলতঃ সোণালী বান্দৰৰ বাবে বিখ্যাত। ইয়াৰ লগতে উদ্যানখনত আছে হাতী, বাঘ, ম'হ, হৰ্নবিল, ফুটুকী হৰিণ, নাহৰফুটুকী, ১৫০ বিধ বিচিত্ৰ প্ৰজাতিৰ পখিলা, ১৭০ বিধ প্ৰজাতিৰ চৰাই, ৩৮০ বিধ প্ৰজাতিৰ নানা গছ–গছনিৰ লগতে আন বহু প্ৰজাতিৰ অৰ্কিড। পৰিৱেশ দিৱসৰ দিনা ৪২২ বৰ্গকিলোমিটাৰ আৱৰি থকা কচুগাঁও বনাঞ্চল ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান  নামাকৰণেৰে স্বীকৃতি লাভ কৰিছিল।

কিন্তু জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যাপ্ত পৰিমাণে বনকৰ্মী নাই। চৰকাৰে পৰ্যাপ্ত বনকৰ্মী নিয়োগ নকৰাৰ ফলত দপদপনি বাঢ়িছে চোৰাং চিকাৰীৰ। মূলসুঁতিলৈ ঘূৰি অহা চোৰাং চিকাৰী, কাঠ মাফিয়া আকৌ বন ধ্বংসত নামি পৰিছে বুলি জানিব পৰা গৈছে।
Published by:Gautam Barman
First published: