• Home
  • »
  • News
  • »
  • assam
  • »
  • পিতৃ-মাতৃৰ মৰম নোপোৱা চাৰি শিশুৱে পালে নতুন জীৱন। মণিকা, অভিক, ৰাণী আৰু ৰশ্মীৰ সলনি হ'ল ঠিকনা।

পিতৃ-মাতৃৰ মৰম নোপোৱা চাৰি শিশুৱে পালে নতুন জীৱন। মণিকা, অভিক, ৰাণী আৰু ৰশ্মীৰ সলনি হ'ল ঠিকনা।

মাল্টাৰ পৰা ডৰিলি ভীলা, এলটন ভীলা আৰু কাউডিয়েন মাইচিলি নামৰ দুটা পৰিয়ালে দত্তক ল'লে শিশু গৃহত থকা পিতৃ-মাতৃহীন চাৰিটি শিশুক।

মাল্টাৰ পৰা ডৰিলি ভীলা, এলটন ভীলা আৰু কাউডিয়েন মাইচিলি নামৰ দুটা পৰিয়ালে দত্তক ল'লে শিশু গৃহত থকা পিতৃ-মাতৃহীন চাৰিটি শিশুক।

মাল্টাৰ পৰা ডৰিলি ভীলা, এলটন ভীলা আৰু কাউডিয়েন মাইচিলি নামৰ দুটা পৰিয়ালে দত্তক ল'লে শিশু গৃহত থকা পিতৃ-মাতৃহীন চাৰিটি শিশুক।

  • Share this:
পিতৃ-মাতৃহীন চাৰিটি শিশু। কোনোবা দুজন ৰে'ল ষ্টেচনৰ পৰা কোনোবা দুজনক অকলশৰে বজাৰৰ পৰা আনি তিনিচুকীয়াৰ মাকুমস্থিত কেশৱ বাহেতী সূৰ্যোদয় শিশুগৃহই চৰকাৰী বিধি অনুযায়ী  জীৱনৰ আদি পাঠ আৰম্ভ কৰিবলৈ শিকাইছিল। পিতৃ-মাতৃৰ হেৰোৱা মৰম আৰু ভালপোৱাবোৰ এই শিশুগৃহৰ বুকুতেই বিচাৰি পাইছিল চাৰি শিশুৱে । প্ৰায় চাৰিটা বছৰ শিশুগৃহত থাকি ডাঙৰ হোৱা মনিকা, অভিক, ৰাণী আৰু ৰশ্মিক হেৰুৱা পিতৃ- মাতৃৰ স্নেহ প্ৰদান কৰিবলৈ সাত সাগৰ তেৰ নদীৰ সিপাৰৰ ইউৰোপৰ মাল্টাৰ পৰা  ডৰিলি ভীলা, এলটন ভীলা আৰু কাউডিয়েন মাইচিলি নামৰ দুটা পৰিয়াল আগবাঢ়ি আহিল।

ভাৰত চৰকাৰৰ প্ৰশাসনিক নিয়মত Central Adoption Resource Authorityৰ অধীনত দত্তক গ্ৰহণৰ সকলো যাৱতীয় কাম সম্পন্ন কৰি তেওঁলোক তিনিচুকীয়াৰ গংগাবাৰীস্থিত কেশৱ বাহেতী সূৰ্যোদয় শিশুগৃহত উপস্থিত হয়। শিশুগৃহৰ সকলো কৰ্মীয়ে বিদেশৰ তিনিওগৰাকী অতিথিক উষ্ণ আদৰণি জনোৱাৰ লগতে অসমীয়া জা-জলপানেৰে আপ্যায়ন কৰে। শিশুগৃহৰ তৰফৰ পৰা সভাপতি প্ৰেমেন্দ্ৰ শৰ্মা, উপসভাপতি ললিত গগৈ, সমাজকৰ্মী তথা শিশুগৃহৰ উপদেষ্টা নাৰায়ণ বাহেতীয়ে ফুলাম গামোছাৰে আদৰণি জনায়।

কেশৱ বাহেতী সূৰ্যোদয় শিশুগৃহতে ডাঙৰ হোৱা মণিকা, অভিক, ৰাণী আৰু ৰশ্মীক এক আৱেগিক মূহূৰ্তৰ মাজেৰে সকলোৱে বিদায় জনায় । পিতৃ-মাতৃক হেৰুৱাই জীৱনৰ এটি এটি পল চাৰিও শিশুৱে সকলো পাহৰি পাৰ কৰিছিল মানৱতাৰ গান গোৱা সূৰ্যোদয়ৰ এদল যুৱ সমাজকৰ্মী আৰু শিশুপ্ৰেমীৰ মাজত। শিশুগৃহ কৰ্তৃপক্ষৰ লগতে আন সহযোগী শিশু সকলেও উচুপি উঠিছিল সমনীয়া তিনি শিশুৰ বিদায়ৰ বেলাত।

তিনিচুকীয়া জিলা পৰিষদৰ কাৰ্যালয়ত আদৰ নামৰ সংস্থাৰটোৰ সৌজন্যত আৰু কেশৱ বাহেতী সূৰ্যোদয় শিশুগৃহৰ সহযোগত আনুষ্ঠানিক ভাৱে আন্তৰাষ্ট্ৰীয় দত্তক (Adoption) গ্ৰহণ অনুষ্ঠানটিত সম্পন্ন হয়।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি