কাৰ্বি আংলঙত সেনা–আৰক্ষীৰে উগ্ৰপন্থীৰ ভয়ংকৰ সংঘৰ্ষ, দুই উগ্ৰপন্থী সদস্য নিহত

News18 Assam | News18-Assam
Updated:April 24, 2020, 12:57 PM IST
কাৰ্বি আংলঙত সেনা–আৰক্ষীৰে উগ্ৰপন্থীৰ ভয়ংকৰ সংঘৰ্ষ, দুই উগ্ৰপন্থী সদস্য নিহত
সংঘৰ্ষত নিহত হোৱা সদস্য দুজনৰ নাম ক্ৰমে লেফটেনেণ্ট গাদিয়া ওৰফে ৰূপচন আৰু এৰিয়া কামাণ্ডাৰ এলৱিন বুলি চিনাক্ত কৰা হৈছে৷

সংঘৰ্ষত নিহত হোৱা সদস্য দুজনৰ নাম ক্ৰমে লেফটেনেণ্ট গাদিয়া ওৰফে ৰূপচন আৰু এৰিয়া কামাণ্ডাৰ এলৱিন বুলি চিনাক্ত কৰা হৈছে৷

  • Share this:
লকডাউনৰ মাজতে কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী অঞ্চল ধনশিৰিত সেনা-আৰক্ষীৰে মুখামুখি সংঘৰ্ষ DNLA উগ্ৰপন্থীৰ। এই সংঘৰ্ষত নিহত হয় DNLAৰ দুই দুৰ্ধৰ্ষ কেডাৰ। পুৱতিনিশা ধনশিৰিৰ দুগুদিছা ৰিজাৰ্ভত দুয়োপক্ষৰ মাজত হয় প্ৰচণ্ড গুলীয়াগুলি। ঘটনাস্থলীৰ পৰা সেনা-আৰক্ষীয়ে এটা M16 আৰু এটা AK–47 ৰাইফল উদ্ধাৰ কৰে৷

সংঘৰ্ষত নিহত হোৱা সদস্য দুজনৰ নাম ক্ৰমে লেফটেনেণ্ট গাদিয়া ওৰফে ৰূপচন আৰু এৰিয়া কামাণ্ডাৰ এলৱিন বুলি চিনাক্ত কৰা হৈছে৷ ইতিমধ্যে ঘটনাস্থলীত কাৰ্বি আংলং আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈছে বুলি জানিব পৰা গৈছে।
Published by: Sanjay Kumar Das
First published: April 24, 2020, 12:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি