உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মাকুমত উদ্ধাৰ অৰুণাচল প্ৰদেশৰ পৰা বহিৰাজ্যলৈ সৰবৰাহৰ চেষ্টা কৰা দুটা হাতী। গুজৰাট নে ওড়িশা ক'লৈ নিব বিচাৰিছিল হাতী দুটা? অব্যাহত বন বিভাগৰ তদন্ত।

    মাকুমত উদ্ধাৰ অৰুণাচল প্ৰদেশৰ পৰা বহিৰাজ্যলৈ সৰবৰাহৰ চেষ্টা কৰা দুটা হাতী। গুজৰাট নে ওড়িশা ক'লৈ নিব বিচাৰিছিল হাতী দুটা? অব্যাহত বন বিভাগৰ তদন্ত।

    কয়লাৰ ট্ৰাকত ভৰাই নিয়া হৈছিল হাতী দুটা। হাতী দুটাৰ নাম লক্ষী প্ৰসাদ আৰু হৰি প্ৰসাদ।

    কয়লাৰ ট্ৰাকত ভৰাই নিয়া হৈছিল হাতী দুটা। হাতী দুটাৰ নাম লক্ষী প্ৰসাদ আৰু হৰি প্ৰসাদ।

    কয়লাৰ ট্ৰাকত ভৰাই নিয়া হৈছিল হাতী দুটা। হাতী দুটাৰ নাম লক্ষী প্ৰসাদ আৰু হৰি প্ৰসাদ।

    • Share this:
    অসম-উত্তৰপূৰ্বৰ পৰা সঘনাই হব ধৰিছে বনৰীয়া জীৱৰ চোৰাং সৰবৰাহ। ইয়াৰ মাজতে  তিনিচুকীয়াৰ মাকুমত আৰক্ষীয়ে উদ্ধাৰ কৰিছে দুটা হাতী।

    অৰুণাচল প্ৰদেশৰ পৰা অসমৰ মাজেদি ওড়িশালৈ সৰবৰাহৰ চেষ্টা কৰাৰ সময়তে মাকুমত হাতী দুটা উদ্ধাৰ কৰে  আৰক্ষীয়ে ৷ অৰুণাচল প্ৰদেশৰ লঠৌৰ পৰা BR-01-GH-0435 নম্বৰৰ কয়লা কঢ়িওৱা  ট্ৰাক এখনত হাতী দুটা গুজৰাটলৈ নিয়াৰ বাবে সৰবৰাহ কৰা হৈছিল । ঠিক তেনে সময়তে মাকুমত আৰক্ষীয়ে গোপন সূত্ৰে খবৰ পাই এই হাতীসহ ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় ।

    হাতীৰ সৈতে থকা মাউতৰ পৰা জানিব পৰা অনুসৰি সঞ্জিৱ প্ৰমো নামৰ এজন লোকে এই হাতী দুটা গুজৰাটলৈ নিয়াৰ যো-জা কৰা বুলি জানিব পৰা গৈছে । ইফালে, নিশা আৰক্ষীয়ে হাতীদুটা জব্দ কৰি পুৱা ডুমডুমা বন বিভাগক চমজাই দিয়ে । বন বিভাগে ইতিমধ্যে হাতী সৰবৰাহৰ ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে । হাতীৰ নথি পত্ৰ জমা দিয়া হৈছে ডুমডুমা বন বিভাগক, কিন্তু সেইয়া কিমান বৈধ সেইয়া তদন্তৰ শেষতহে পোহৰলৈ আহিব। হাতী দুটাৰ নাম লক্ষী প্ৰসাদ আৰু হৰি প্ৰসাদ বুলি জানিব পৰা গৈছে ।

    উল্লেখ্য যে, যদি এখন ৰাজ্যৰ পৰা আন ৰাজ্যলৈ এনেদৰে জীৱ-জন্তু নিয়া হয় তেন্তে নিয়ম অনুসৰি নিকৱৰ্তী বন কাৰ্যালয়ক জনাব লাগে। কিন্তু তেনে ধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল এই হাতী দুটাৰ ক্ষেত্ৰত। ইতিমধ্যে অসমৰ বন বিভাগে সমগ্ৰহ নথি পত্ৰ বৈধতা পৰীক্ষা কৰিবলৈ অৰুণাচলৰ বন বিভাগৰ লগত যোগাযোগ কৰি পত্ৰ প্ৰেৰণ কৰা লগতে তদন্ত অব্যাহত ৰাখিছে।

    অন্যহাতে হাতীকেইটাৰ গৰাকী অৰুণাচল প্ৰদেশৰ সঞ্জীৱ প্ৰমোয়ে জানিবলৈ দিয়া অনুসৰি হাতী কেইটা সম্পূৰ্ণ বৈধ আৰু ঘৰচীয়া। পাঁচ বছৰৰ বাবে ধৰ্মীয় কাৰণত ওড়িশাৰ বৰুণ কুমাৰ সিঙলৈ পঠিয়াইছিল বুলি জনাইছে ।যোৱা ৬ এপ্ৰিলত ইটানগৰৰ চিৰিয়াখানাৰ  পশু চিকিৎসকৰ দ্বাৰা হাতী দুটাৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে মাইক্ৰচিপ সক্ৰিয় হৈ থকাৰ কথাও হাতীৰ গৰাকীয়ে জনাইছে ।
    Published by:Manjumoni Borah
    First published: