জাগীৰোডত দুটাকৈ হাতী পোৱালীৰ মৃত্যুৰ (Elephant Calf Dead) বাতৰিয়ে সকলোকে মৰ্মাহত কৰি তুলিছে। সোণাইকুছি পাহাৰৰ এটা টিলাত মৃত্যু হয় দুটাকৈ হাতী পোৱালীৰ ৷ ইতিমধ্যে উৱলি গৈছে বনৰীয়া হাতী দুটাৰ মৃতদেহ ৷
এই দৃশ্য প্ৰথমে প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ প্ৰায় এসপ্তাহ পূৰ্বে হাতী পোৱালী দুটাৰ মৃত্যু হোৱাৰ সন্দেহ স্থানীয় লোকৰ ৷ ঘটনাস্থলীত বন বিভাগৰ লোক আৰু চিকিৎসক উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷
হাতী পোৱালী দুটাৰ মৃত্যুৰ কাৰণ কেইবাটাও হ'ব পাৰে যদিও মৰণোত্তৰ পৰীক্ষাৰ পিছতহে প্ৰকৃত কাৰণ পোহৰলৈ আহিব বুলি জনাইছে চিকিৎসকে ৷ পিছত হাতী পোৱালী দুটাৰ মৃতদেহ পুতি থয় বন বিভাগৰ লোকে ৷
বন্যহস্তিৰ বিচৰণথলী জাগীৰোডৰ সোণাইকুছি বনাঞ্চলত দুটাকৈ হাতী পোৱালীৰ কৰুণ মৃত্যুৰ খবৰে মৰ্মাহত কৰি তুলিছে সচেতন মহলৰ লগতে প্ৰকৃতিপ্ৰেমী সকলক ৷
Published by: Manjumoni Borah
FIRST PUBLISHED : January 18, 2022, 19:54 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।