News18 AssamNews18 Assam
|
News18-Assam Updated:August 25, 2020, 11:18 PM IST
ঘৰৰ বিদ্যুৎ সংযোগৰ কাম চলি থকাৰ সময়তে বিদ্যুৎস্পৃষ্ট হয় অধ্যাপিকা বাবলি পাল।
ঘৰৰ বিদ্যুৎ সংযোগৰ কাম চলি থকাৰ সময়তে বিদ্যুৎস্পৃষ্ট হয় অধ্যাপিকা বাবলি পাল।
কাছাৰত বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী অধ্যাপিকাৰ লগতে এজন শ্ৰমিকৰ মৃত্যু। ধলাইৰ কাবুগঞ্জত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। ঘৰৰ বিদ্যুৎ সংযোগৰ কাম চলি থকাৰ সময়তে বিদ্যুৎস্পৃষ্ট হয় অধ্যাপিকা বাবলি পাল। বাবলি পালক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহি মৃত্যুক সাবটি লয় শ্ৰমিক হিচাপে কৰ্মৰত কাদিৰ হুছেইন লস্কৰ। ঘৰত থকা আনসকলে আহি দুইজনক উদ্ধাৰ কৰে যদিও তাৰ আগতে বাবলি আৰু কাদিৰৰ মৃত্যু ঘটে।বাবলি পাল বদৰপুৰৰ নবীনচন্দ্ৰ কলেজৰ অধ্যাপিকা।