তিনিওজনক লৈ নিশা আৰক্ষীয়ে অধিক তদন্ত কৰিবলৈ যাওঁতেই বান্দৰদেৱা বুধবজাৰত ড্ৰাগছ সৰবৰাহকাৰীকেইটাই পলাবলৈ চেষ্টা কৰাত গুলীচালনা কৰে আৰক্ষীয়ে৷
তিনিওজনক লৈ নিশা আৰক্ষীয়ে অধিক তদন্ত কৰিবলৈ যাওঁতেই বান্দৰদেৱা বুধবজাৰত ড্ৰাগছ সৰবৰাহকাৰীকেইটাই পলাবলৈ চেষ্টা কৰাত গুলীচালনা কৰে আৰক্ষীয়ে৷
লখিমপুৰ আৰক্ষীৰ (Lakhimpur Police) এনকাউণ্টাৰ৷ আৰক্ষীৰ গুলীত দুই ড্ৰাগছ সৰবৰাহকাৰী গুলীবিদ্ধ৷ যোৱানিশা সংঘটিত হয় এই ঘটনা (Lakhimpur Encounter)৷ বিহপুৰীয়া আৰক্ষী থানাৰ অধীনস্থ বান্দৰদেৱা বুধবজাৰত সংঘটিত হয় এই এনকাউণ্টাৰ৷ জানিব পৰা মতে, বৃহস্পতিবাৰে পথালি পাহাৰ টোল গে’টৰ সমীপৰ পৰা তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক সন্দেহজনক হেৰ’ইনসহ আটক কৰিছিল আৰক্ষীয়ে৷ আটকাধীন আজিজুৰ ৰহমান নামৰ এজনৰ ঘৰ নগাঁৱত। ধৃত ৰাজেশ মাঝিৰ ঘৰ বিহপুৰীয়া দঙিবিলত আৰু চহিদুল আলীৰ ঘৰ বিহপুৰীয়াৰ মৰনৈ গ্ৰেজিঙত৷
তিনিওজনক লৈ নিশা আৰক্ষীয়ে অধিক তদন্ত কৰিবলৈ যাওঁতেই বান্দৰদেৱা বুধবজাৰত ড্ৰাগছ সৰবৰাহকাৰীকেইটাই পলাবলৈ চেষ্টা কৰাত গুলীচালনা কৰে আৰক্ষীয়ে৷ আৰক্ষীৰ গুলীত আজিজুৰ ৰহমান আৰু চাইদুল আলী আহত হয়৷ ভৰিত গুলী লাগি আহত হোৱাৰ পিছত দুয়োজনকে নিশাই ভৰ্তি কৰোৱা হয় লখিমপুৰ মেডিকেল কলেজত৷
জানিব পৰা মতে, নগাঁৱৰ আজিজুৰ ৰহমানে তেৰটা চাবোনৰ কেচত সন্দেহজনক হেৰ’ইন ৰাজেশ মাঝি আৰু চাইদুলক দিবৰ বাবে আনিছিল৷ সৰবৰাহৰ সময়তে হাতে–লোটে আটক কৰে আৰক্ষীয়ে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|