জব্দ কৰা হেৰ’ইনখিনিৰ ওজন প্ৰায় ১৮৬ গ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য ১০ লাখতকৈ অধিক বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ।
জব্দ কৰা হেৰ’ইনখিনিৰ ওজন প্ৰায় ১৮৬ গ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য ১০ লাখতকৈ অধিক বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ।
কাৰ্বি আংলং জিলাত পূজাৰ আনন্দৰ মাজতে অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ। ইয়াৰ মাজতে যোৱানিশা বোকাজান মহকুমাৰ খটখটীত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে লাভ কৰিছে সফলতা। এক গোপন তথ্যৰ ভিত্তিত খটখটী আৰক্ষীয়ে NL-07B-0399 নম্বৰৰ ‘লাকী’ নামৰ নৈশ বাছখনত তালাচী চলাই হেৰ’ইনভৰ্তি ১৫টা চাবোনৰ বাকচ জব্দ কৰাৰ লগতে দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।
ধৃত সৰবৰাহকাৰী দুটা মণিপুৰৰ ডি ললি আৰু ডিমাপুৰৰ টেপুন ৰেট বুলি জানিব পৰা গৈছে। ইপিনে আৰক্ষীয়ে জব্দ কৰা হেৰ’ইনখিনিৰ ওজন প্ৰায় ১৮৬ গ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য ১০ লাখতকৈ অধিক বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ। আনহাতে, নৈশ বাছখন ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখী আছিল বুলিও আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|