দ্ৰুতবেগত আহি আছিল এখন এল্ট’, আৰক্ষী দেখি গাড়ী ৰখাই পলাল এজন, আৰক্ষীৰ গুলীচালনা, কাহিনী কি?

News18 Assam | News18-Assam
Updated:August 9, 2020, 6:14 PM IST
দ্ৰুতবেগত আহি আছিল এখন এল্ট’, আৰক্ষী দেখি গাড়ী ৰখাই পলাল এজন, আৰক্ষীৰ গুলীচালনা, কাহিনী কি?
গাড়ীখনৰ পৰা আৰক্ষীয়ে প্ৰায় আঠ লাখ টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে আজিজুল ইছলাম আৰু আনাৰুল শ্বেখ নামৰ দুজন ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰে।

গাড়ীখনৰ পৰা আৰক্ষীয়ে প্ৰায় আঠ লাখ টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে আজিজুল ইছলাম আৰু আনাৰুল শ্বেখ নামৰ দুজন ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰে।

  • Share this:
অসম-বংগ সীমান্তৰ ছাগলীয়াৰ পৰা এখন চাৰিচকীয়া বাহনত বৃহৎ পৰিমাণৰ ড্ৰাগছ লৈ অহাৰ তথ্য লাভ কৰিছিল ধুবুৰী আৰক্ষীয়ে। উক্ত তথ্যৰ ভিত্তিত ধুবুৰীৰ গৌৰীপুৰৰ প্ৰমথেশ বৰুৱা কলেজৰ সন্মুখত উপ–আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞা আৰু গৌৰীপুৰৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যজিৎ বৰঠাকুৰৰ নেতৃত্বত এদল আৰক্ষীয়ে খাপ পিটি আছিল। ঠিক তেনে সময়তে AS 17G 5709 নম্বৰৰ মাৰুতি এল্ট’ গাড়ী এখন তীব্ৰ বেগত আহি থকা দেখি ৰখাবলৈ নিৰ্দেশ আৰক্ষীয়ে। কিন্তু বাহনখন ৰখায়ে এজন ড্ৰাগছ মাফিয়া পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে খেদি যায়। তেনে সময়তে আৰক্ষীক উদ্দেশ্যি শিলগুটি দলিয়াবলৈ আৰম্ভ কৰে ড্ৰাগছ মাফিয়াটোৱে। লগে লগে আৰক্ষীয়ে শূন্যলৈ এজাই গুলীচালনা কৰি যুৱকজনক আটক কৰিবলৈ সক্ষম হয়।

উক্ত ঘটনাত আৰক্ষী কনিষ্টবল আমজাদ আলী সামান্যভাৱে আহত হয়। পিছত উক্ত গাড়ীখনৰ পৰা আৰক্ষীয়ে প্ৰায় আঠ লাখ টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে আজিজুল ইছলাম আৰু আনাৰুল শ্বেখ নামৰ দুজন ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে চাৰিচকীয়া বাহনখনো জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে আজি দিনৰ ভাগত আৰক্ষীয়ে ধুবুৰী আমবাগান অঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৈতে আন এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।
Published by: Sanjay Kumar Das
First published: August 9, 2020, 6:14 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি