হাজোত আৰক্ষীয়ে খেদি খেদি ধৰিলে ড্ৰাগছ ব্যৱসায়ীক

News18 Assam | News18-Assam
Updated:May 5, 2020, 8:34 AM IST
হাজোত আৰক্ষীয়ে খেদি খেদি ধৰিলে ড্ৰাগছ ব্যৱসায়ীক
ড্ৰাগছ ব্যৱসায়ী দুজন ক্ৰমে হাজোৰ দলৈটোলাৰ ইউচুফ আলী আৰু নলবাৰীৰ মুকালমুৱাৰ মকিব আলী।

ড্ৰাগছ ব্যৱসায়ী দুজন ক্ৰমে হাজোৰ দলৈটোলাৰ ইউচুফ আলী আৰু নলবাৰীৰ মুকালমুৱাৰ মকিব আলী।

  • Share this:
দেশজুৰি লকডাউন চলি থকা সময়ছোৱাতো ৰাজ্যত পিটপিটাই ঘূৰি ফুৰিছে ড্ৰাগছ ব্যৱসায়ীয়ে। প্ৰশাসনৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই নিশা ৰাজপথত ড্ৰাগছ মাফিয়াৰ টিঘিলঘিলনি। এনে ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে হাজো আৰক্ষীৰ তীব্ৰ অভিযান। এই অভিযান কালতেই নিশা স্কুটী লৈ ড্ৰাগছ বিক্ৰী কৰিব আহি থকা অৱস্থাত হাজো আৰক্ষীয়ে গোঁসাইসাতত খেদি খেদি ধৰিলে এই দুই ড্ৰাগছ ব্যৱসায়ীক।

ড্ৰাগছ ব্যৱসায়ী দুজন ক্ৰমে হাজোৰ দলৈটোলাৰ ইউচুফ আলী আৰু নলবাৰীৰ মুকালমুৱাৰ মকিব আলী। দুই ড্ৰাগছ ব্যৱসায়ীৰ পৰা আৰক্ষীয়ে কেইবাহাজাৰ টকাৰ ড্ৰাগছৰ লগতে নগদ ৮৭১০টকা আৰু এখন AS-25-L-7376 নম্বৰৰ এখন স্কুটী জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।
First published: May 5, 2020, 8:34 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading