ডাঃ দেৱেন দত্তক হত্যাৰ পিছতে শংকিত বাগিচাৰ চিকিৎসক, দুই চিকিৎসকৰ পদত্যাগ

টীয়ক কাণ্ডৰ পিছতে পদত্যাগ কৰিলে নুমলীগড় আৰু ডিব্ৰুগড়ৰ দুই চিকিৎসকে।

News18-Assam
Updated:September 3, 2019, 3:43 PM IST
ডাঃ দেৱেন দত্তক হত্যাৰ পিছতে শংকিত বাগিচাৰ চিকিৎসক, দুই চিকিৎসকৰ পদত্যাগ
টীয়ক কাণ্ডৰ পিছতে পদত্যাগ কৰিলে নুমলীগড় আৰু ডিব্ৰুগড়ৰ দুই চিকিৎসকে।
News18-Assam
Updated: September 3, 2019, 3:43 PM IST
টীয়ক চাহ বাগিচাত একাংশ উন্মাদ নৰাধমৰ হাতত দেৱেন দত্ত নামৰ চিকিৎসকজনে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাৰ পিছতে বাগিচাত কৰ্মৰত চিকিৎসকসকল শংকিত হৈ পৰিছে। নিজৰ জীৱনক লৈ নিৰাপত্তাহীনতাত ভুগিছে বাগিচাৰ চিকিৎসকসকল। আজি বাগিচাত কৰ্মৰত দুই চিকিৎসকে পদত্যাগ কৰাৰ ঘটনাই এই কথাই প্ৰমাণিত কৰিছে।

আজি নুমলীগড়ৰ চাহ বাগিচাৰ চিকিৎসক ডাঃ অজয় কটকীয়ে পদত্যাগ কৰে। বাগিচা কৰ্তৃপক্ষলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে চিকিৎসকগৰাকীয়ে। পদত্যাগ পত্ৰত নিৰাপত্তাহীনতাত ভোগাৰ কথা উল্লেখ কৰিছে চিকিৎসকগৰাকীয়ে। আনহাতে, টীয়ক কাণ্ডৰ পিছতে পদত্যাগ কৰিলে ডিব্ৰুগড় চাহ বাগিচাৰ চিকিৎসক ডাঃ ৰবি বৰুৱায়ো। নিজৰ পদত্যাগৰ কথা ছচিয়েল মিডিয়াতো শ্বেয়াৰ কৰিছে চিকিত্সকগৰাকীয়ে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি