কোভিড পৰিস্থিতিৰ মাজতে কিয় চাকৰিৰ পৰা পদত্যাগ কৰিলে JMCHৰ দুই জ্যেষ্ঠ চিকিৎসকে?

চিকিৎসকৰ চাকৰিৰ পৰা পদত্যাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
চিকিৎসকৰ চাকৰিৰ পৰা পদত্যাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
- News18 Assam
- Last Updated: August 25, 2020, 8:59 AM IST
কোভিড–১৯ পৰিস্থিতিৰ সময়তে JMCHকে ধৰি যোৰহাটৰ স্বাস্থ্যখণ্ডত সংঘটিত এই ঘটনাসমূহে উদ্বিগ্ন কৰি তুলিছে বহুজনক।
কোভিড পৰিস্থিতিৰ মাজতে হঠাৎ সলনি কৰা হ’ল JMCHৰ অধ্যক্ষক। JMCHৰ অধ্যক্ষ অধ্যাপক অতুল বড়োক হঠাৎ অধ্যক্ষৰ দায়িত্বৰ পৰা অপসাৰণ কৰা হৈছে। GMCHৰ অধ্যাপক ৰত্ন কান্ত তালুকদাৰক JMCHৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। আনহাতে, কোভিড–১৯ পৰিস্থিতিৰ মাজতে চাকৰিৰ পৰা ইস্তাফা দিছে JMCHৰ দুগৰাকী জ্যেষ্ঠ চিকিৎসকে। JMCHৰ সহকাৰী অধ্যাপক ডাঃ শংকৰজ্যোতি পৰাশৰ আৰু ডাঃ প্ৰিয়ংকা চাংমায়ে ইতিমধ্যে চাকৰিৰ পৰা ইস্তাফা দিয়াৰ পত্ৰ JMCH কৰ্তৃপক্ষক প্ৰদান কৰিছে।
"যিহেতু চিকিৎসালয়খনত কৰ্তব্য কৰিব পৰাকৈ চিকিৎসক আছে। কিন্তু উচিত পৰিকল্পনাৰ অভাৱত একেখিনি চিকিৎসকৰ ওপৰত অত্যধিক বোজা দিয়া হৈছে। আমি কথাখিনি কৰ্তৃপক্ষক অৱগত কৰিও কোনো সুফল নাপালো। সেয়েহে উপায়হীন হৈ এই কঠোৰ সিদ্ধান্ত ল’বলগা হ’ল।", সহকাৰী অধ্যাপক ডাঃ প্ৰিয়ংকা চাঙমাইয়ে আৰু এনেদৰে কয়।
"এমাহত দুবাৰকৈ কোভিডৰ ডিউটিত উপস্থিত থাকিলে আমি ৩৪ দিন পৰিয়ালৰ পৰা আঁতৰি থাকিব লাগে। মোৰ ঘৰত বয়সীয়াল মা অকলশৰে থাকিবলগা হয়। যিহেতু অলপ পৰিকল্পনা কৰিলেই সকলোকে ডিউটি ভগাই দিব পৰা যায়। তেতিয়া চিকিৎসকসকলে কিছু দিনৰ মূৰে মূৰে কৰ্তব্য কৰিবলৈ উদ্যম লাভ কৰে। আমি কৰ্তৃপক্ষক কথাখিনি অৱগত কৰিছিলো যদিও সঁহাৰি নোপোৱা বাবে চাকৰিৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হলো।", চাকৰিৰ পৰা পদত্যাগ কৰা JMCHৰ সহকাৰী অধ্যাপক ডাঃ শংকৰজ্যোতি পৰাশৰে এনেদৰে কয়।
JMCHৰ মেডিচিন আৰু পালমোনাৰি মেডিচিন বিভাগৰ কেইবাগৰাকী জ্যেষ্ঠ চিকিৎসক আৰু স্বাস্থ্যকৰ্মী ইতিমধ্যে কোভিড–১৯ সংক্ৰমণৰ বলি হৈছে। ইয়াৰে সহযোগী অধ্যাপক ডাঃ নৰোত্তম সোণোৱালৰ স্বাস্থ্যৰ অৱনতি ঘটাত প্লাজমা থেৰাপি দিব লগা হয়। কিন্তু এইগৰাকী চিকিৎসক চিকিৎসালয়ৰ পৰা ঘৰলৈ ওভতাৰ পূৰ্বে পুনৰ কোভিডৰ চিকিৎসাত নিয়োগ কৰা হৈছে বুলি জানিবলৈ দিয়ে ডাঃ প্ৰিয়ংকাই।
আনহাতে চিকিৎসকৰ চাকৰিৰ পৰা পদত্যাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। চিকিৎসকসকলক সৈনিকৰ সৈতে তুলনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত-চীনৰ যুদ্ধৰ সময়ত কোনো সৈনিক যদি যুদ্ধক্ষেত্ৰৰ পৰা পলাই যায় তেন্তে তাক কি আখ্যা দিয়া হ’ব!
"এই সময়খিনি সকলোৱে একেলগে মিলি কাম কৰাৰ সময়। এই সংকটৰ সময়ত যদি চিকিৎসকে দায়িত্ব পালন নকৰে তেন্তে কেতিয়া কৰিব!", স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
আনহাতে, ইতিমধ্যে বদলিৰ নিৰ্দেশ ওলাইছে কোভিডৰ দায়িত্বত থকা যোৰহাটৰ অতিৰিক্ত উপায়ুক্ত বিপুল দাসৰ। কিন্তু এই ঘটনাসমূহৰ অন্তৰালত কি কাৰণ নিহিত হৈ আছে সেয়া স্পষ্ট হোৱা নাই।