JMCHৰ দুগৰাকী চিকিত্‍সকৰ দেহত কোৰোণাৰ অৱস্থিতি, আক্ৰান্ত চিকিত্‍সকে স্বাৱ টেষ্টৰ ৰিপৰ্ট লাভ নকৰাকৈয়ে কৰিছিল অস্ত্ৰোপচাৰ

News18 Assam | News18-Assam
Updated:July 8, 2020, 5:10 PM IST
JMCHৰ দুগৰাকী চিকিত্‍সকৰ দেহত কোৰোণাৰ অৱস্থিতি, আক্ৰান্ত চিকিত্‍সকে স্বাৱ টেষ্টৰ ৰিপৰ্ট লাভ নকৰাকৈয়ে কৰিছিল অস্ত্ৰোপচাৰ
যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ দুগৰাকী চিকিৎসকৰ শৰীৰত পোৱা গৈছে কোৰোণা ভাইৰাছৰ অৱস্থিতি।

যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ দুগৰাকী চিকিৎসকৰ শৰীৰত পোৱা গৈছে কোৰোণা ভাইৰাছৰ অৱস্থিতি।

  • Share this:
যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ দুগৰাকী চিকিৎসকৰ শৰীৰত পোৱা গৈছে কোৰোণা ভাইৰাছৰ অৱস্থিতি। ইয়াৰে এগৰাকী চিকিৎসক গুৱাহাটীৰ পৰা অহাৰ পিছত পৰীক্ষাৰ বাবে স্ৱাৱ দিয়াৰ পিছতো নিয়ম ভংগ কৰি কৰ্তব্যত আছিল। ইয়াৰ পিছতে চিকিৎসালয়খনৰ দুটা বিভাগ সাময়িক ভাৱে বন্ধ কৰি দিয়াৰ লগতে বহু সংখ্যক চিকিৎসক, নাৰ্ছ আৰু চিকিৎসা কৰ্মীক আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে।
এই ঘটনাক কেন্দ্ৰ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মঙলবাৰৰ সন্ধিয়াৰ পৰা সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ। মঙলবাৰে JMCHৰ দুগৰাকী চিকিৎসকৰ শৰীৰত পোৱা যায় কোৰোণা ভাইৰাছ। ইয়াৰে এগৰাকী ইন্টাৰ্ণ চিকিৎসক আৰু আনগৰাকী শল্য বিভাগৰ সহকাৰী অধ্যাপক ডাঃ আফতাব আলী আহমেদ ।

ডাঃ আফতাব আলী গুৱাহাটীৰ পৰা যোৰহাটলৈ আহিছিল আৰু কোৰোণাৰ পৰীক্ষাৰ বাবে স্ৱাৱ দিয়াৰ পিছত প্ৰটকল ভংগ কৰি চিকিৎসালয়লৈ আহিছিল। চিকিৎসকগৰাকীয়ে মঙলবাৰে এটা অস্ত্ৰোপচাৰো কৰিছিল। ইয়াৰ পিছতে বৰ্তমান সাময়িক ভাৱে বন্ধ কৰি হৈছে হৈছে শল্য আৰু ‘এনাষ্টেচিয়া’ বিভাগ। বৰ্তমান বিভাগ দুটা চেনিটাইজ কৰা হৈছে। বৰ্তমান চিকিৎসকসকলে কেজুৱেলিটি কমপ্লেক্সৰ পৰা অস্থায়ী ভাৱে চিকিৎসা সেৱা আগবঢ়াইছে। চিকিৎসকগৰাকীৰ সংস্পৰ্শলৈ অহা ৩৫-৪০ গৰাকী চিকিৎসক, নাৰ্চ আৰু চিকিৎসা কৰ্মীক আছুতীয়াকৈ থাকিবলৈ দিয়া হৈছে আৰু স্বাৱ পৰীক্ষা কৰা হৈছে ।

আনহাতে ইণ্টাৰ্ণ চিকিৎসকগৰাকী থকা JMCHৰ গাৰ্লছ হোষ্টেলটো সাময়িক ভাৱে কণ্টেইনমেণ্ট জ’ন ৰূপে ঘোষণা কৰা হৈছিল যদিও সৌভাগ্য ক্ৰমে চিকিৎসকগৰাকীৰ সংস্পৰ্শলৈ অহা হোষ্টেলৰ সকলো আৱাসীৰে ফলাফল ঋণাত্মক পোৱা গ’ল ।

"গুৱাহাটীৰ পৰা অহা চিকিৎসকগৰাকীক আছুতীয়াকৈ ঘৰত থাকিবলৈ কোৱা হৈছিল। তেওঁৰ স্বাৱ পৰীক্ষা কৰা হৈছিল। কিন্তু তেওঁ নিয়ম ভঙ্গ কৰি চিকিৎসালয়লৈ আহি ৰোগীৰ চিকিৎসাও কৰিলে। আনহাতে ইণ্টাৰ্ণ  চিকিৎসকগৰাকীৰ সংস্পৰ্শলৈ অহা গাৰ্লছ হোষ্টেলৰ সকলোৰে কোভিড19 পৰীক্ষাৰ ফলাফল ঋণাত্মক পোৱা গ’ল। দুয়োগৰাকী চিকিৎসকৰ সংস্পৰ্শলৈ অহা লোকসকলৰ তালিকা প্ৰস্তুত কৰি প্ৰটকল অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হৈছে।"  JMCH ৰ অধীক্ষক ডাঃ পূৰ্ণিমা বৰুৱাই নিউজ18 ক এনেদৰে কয় ।
Published by: Himangshu Bhuyan
First published: July 8, 2020, 5:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি