ধুবুৰীৰ চাপৰত বিবাহ যাত্ৰী কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত। দুৰ্ঘটনাত শিশুসহ দুজনৰ থিতাতে মৃত্যু। মৃত্যু হোৱা শিশুটিৰ নাম তানিশা (১০) আনজনৰ নাম নেকিব আহমেদ (২৩) বুলি জানিব পৰা গৈছে।
বিবাহ যাত্ৰী কঢ়িওৱা AS 18 E 7037 বলেৰ’ আৰু AS 01 FC 4517 নম্বৰৰ যাত্ৰীবাহী বাছৰ মাজত মুখামুখি সংঘৰ্ষ। চাপৰৰ খেৰডুবিত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।
কৃষ্ণাইৰ পৰা ধুবুৰী অভিমুখে গৈ আছিল বলেৰ’ বাহনখন। আনহাতে ধুবুৰীৰ পৰা গোৱালপাৰা অভিমুখে গৈ আছিল যাত্ৰীবাহী বাছখন। এই দুৰ্ঘটনাত আহত হৈছে আন কেইবাজনো যাত্ৰী। আহতসকলক আৰক্ষী আৰু স্থানীয় ৰাইজে উদ্ধাৰ কৰি চাপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 07, 2023, 22:16 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|