তেজপুৰত ভয়ংকৰ দুৰ্ঘটনা, গাড়ী কাটি উলিয়াবলগীয়া হ’ল মৃতদেহ

নিহত টুন ডেকা আৰু কৰুণা তামুলীৰ ঘৰ ৰঙাপুখুৰীপাৰত।

News18-Assam
Updated:October 9, 2019, 11:51 PM IST
তেজপুৰত ভয়ংকৰ দুৰ্ঘটনা, গাড়ী কাটি উলিয়াবলগীয়া হ’ল মৃতদেহ
নিহত টুন ডেকা আৰু কৰুণা তামুলীৰ ঘৰ ৰঙাপুখুৰীপাৰত।
News18-Assam
Updated: October 9, 2019, 11:51 PM IST
তেজপুৰৰ মিছন চাৰিআলিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। এখন দ্ৰুতবেগী ভাৰ্ণা বাহনে মহতিয়ালে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ কেইবাখনো দোকান। দোকানকেইখন মহতিয়াই বাহনখনে খুন্দা মাৰে এডাল গছত। দুৰ্ঘটনাত থিতাতে নিহত হয় চালকৰ আসনত থকা টুন ডেকা নামৰ লোকজন। আৰক্ষী-SDRFৰ দলে বাহনখনৰ অংশ কাটি উদ্ধাৰ কৰে টুন ডেকাৰ মৃতদেহ। বাহনখনত থকা কৰুণা তামুলী নামৰ আন এজন লোকৰ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয়। নিহত টুন ডেকা আৰু কৰুণা তামুলীৰ ঘৰ ৰঙাপুখুৰীপাৰত।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি