• Home
  • »
  • News
  • »
  • assam
  • »
  • নুমলীগড়ৰ বিহৰাত শোকাৱহ পথ দুৰ্ঘটনা, অজ্ঞাত বাহনৰ খুন্দাত থিতাতে নিহত দুই যুৱক

নুমলীগড়ৰ বিহৰাত শোকাৱহ পথ দুৰ্ঘটনা, অজ্ঞাত বাহনৰ খুন্দাত থিতাতে নিহত দুই যুৱক

মৃত যুৱক দুজন গোলাঘাট মেৰাপানীৰ বিকী বৰা আৰু টিংকল চেতিয়া বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।

মৃত যুৱক দুজন গোলাঘাট মেৰাপানীৰ বিকী বৰা আৰু টিংকল চেতিয়া বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।

মৃত যুৱক দুজন গোলাঘাট মেৰাপানীৰ বিকী বৰা আৰু টিংকল চেতিয়া বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।

  • Share this:
নুমলীগড়ৰ বিহৰাত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা পথ দুৰ্ঘটনাত নিহত হয় দুই যুৱক।
বোকাখাত আৰক্ষী থানাৰ অন্তৰ্গত বিহৰাত অচিনাক্ত বাহনৰ খুন্দাত প্ৰাণ হেৰুৱালে দুজন যুৱকে। AS 05K 7480 নম্বৰৰ মটৰ চাইকেলেৰে আহি থকা অৱস্থাত অচিনাক্ত গাড়ীয়ে ৩৭নং ঘাইপথত মহতিয়াই নিয়াৰ ফলত ঘটনাস্থলীতে মৃত্যু হয় যুৱক দুজনৰ।

মৃত যুৱক দুজন গোলাঘাট মেৰাপানীৰ বিকী বৰা আৰু টিংকল চেতিয়া বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। বোকাখাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি    ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰিছে। মৃত যুৱকদুজনৰ পৰিয়ালৰ লোকক খবৰ দি আৰক্ষীয়ে দুৰ্ঘটনাটোৰ বিষয়ে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Assam News Today | News in Assamese | Latest News in Assamese
Published by:Sanjay Kumar Das
First published: