শিৱসাগৰ জিলাৰ নাজিৰাৰ হাতীপটিত আজি সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন ব্যক্তি ৷ পথৰ কাষত ৰখাই থোৱা এখন ট্ৰেইলাৰৰ পিছফালে তীব্ৰবেগী পালছাৰে খুন্দা মৰাত থিতাতে নিহত হয় বাইক আৰোহী বাবলু মুণ্ডা (৩৪)।
ঘটনাত গুৰুতৰভাৱে আহত সোণটো মুণ্ডা (২৬)ক চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় ৷ নিহত ব্যক্তি দুজনৰ ঘৰ হাতীপটি মনাইটিং দহ নম্বৰ লাইনত বুলি জানিব পৰা গৈছে ৷ পথৰ কাষত ৰখাই থোৱা ট্ৰেইলাৰ খনৰ নম্বৰ AS 06 AC 3896 আৰু পালচাৰ মটৰচাইকেল খনৰ নম্বৰ AS 06 N 2352 ৷
দুৰ্ঘটনা সংঘটিত হোৱা ঠাইৰ পৰা পলায়ন কৰে ট্ৰেইলাৰখনৰ চালক আৰু হেণ্ডিমেনে। ঘটনাস্থলীত গেলেকী আৰক্ষী উপস্থিত হৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|