News18 AssamNews18 Assam
|
News18-Assam Updated:September 18, 2020, 9:26 AM IST
বৃহস্পতিবাৰে দুপৰীয়া অৰুণাবন্দ চাহ বাগিচাৰ কাটাটিলাত এই লোক দুজনে পথাৰত গৰু আনিবলৈ গৈছিল।
বৃহস্পতিবাৰে দুপৰীয়া অৰুণাবন্দ চাহ বাগিচাৰ কাটাটিলাত এই লোক দুজনে পথাৰত গৰু আনিবলৈ গৈছিল।
কাছাৰৰ উধাৰবন্দৰ অৰুণাবন্দ চাহ বাগিচাৰ কাটাটিলাত বজ্ৰপাতত মৃত্যু দুজনৰ৷ নিহত যুৱক দুজন অৰুণাবন্দ চাহ বাগিচাৰ বাসিন্দা প্ৰদীপ ওৰাং আৰু হঘংগৰবন্দৰ বাসিন্দা সমৰা ওৰাং। জানিব পৰা মতে, বৃহস্পতিবাৰে দুপৰীয়া অৰুণাবন্দ চাহ বাগিচাৰ কাটাটিলাত এই লোক দুজনে পথাৰত গৰু আনিবলৈ গৈছিল। সেই সময়তে বজ্ৰপাতৰ ফলত দুয়োজনৰ মৃত্যু হয়৷ স্থানীয় লোকসকলে দুজনক উদ্ধাৰ কৰি হাস্পতাললৈ যায় ৷ ঘটনাৰ খবৰ পাই হাস্পতালত গৈ উপস্থিত হয় উধাৰবন্দ আৰক্ষী।