যোৰহাটত সুৰাপান কৰিবলৈ নাপাই কৰিলে ভয়ংকৰ কাণ্ড, দুজন লোকৰ মৃত্যু

News18 Assam | News18-Assam
Updated:March 31, 2020, 9:48 AM IST
যোৰহাটত সুৰাপান কৰিবলৈ নাপাই কৰিলে ভয়ংকৰ কাণ্ড, দুজন লোকৰ মৃত্যু
থিনাৰৰ লগত পানী আৰু ক’ল্ড ড্ৰিংকছ মিহলাই পান কৰি মৃত্যু হৈছে তৰাজান শ্মশান ৰোডৰ শোভৰাজ ৰজক নামৰ লোকজনৰ।

থিনাৰৰ লগত পানী আৰু ক’ল্ড ড্ৰিংকছ মিহলাই পান কৰি মৃত্যু হৈছে তৰাজান শ্মশান ৰোডৰ শোভৰাজ ৰজক নামৰ লোকজনৰ।

  • Share this:
যোৰহাটত লকডাউনৰ সময়ত সুৰাপান কৰিবলৈ নোপোৱাৰ ফলত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। সুৰা নাপাই ইণ্ডাষ্ট্রিয়েল স্পিৰিট তথা আন বিষাক্ত সামগ্ৰী পান কৰি মৃত্যু হৈছে দুজন লোকৰ। আন তিনিজন লোকে বৰ্তমান চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজ দি আছে। ইয়াৰে দুজন লোক JMCHত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে আন এজন লোক সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে যোৰহাটৰ মিছন হাস্পতালত।

থিনাৰৰ লগত পানী আৰু ক’ল্ড ড্ৰিংকছ মিহলাই পান কৰি মৃত্যু হৈছে তৰাজান শ্মশান ৰোডৰ শোভৰাজ ৰজক নামৰ লোকজনৰ। শোভৰাজৰ লগৰ মনোজ চাহু , বিকি চাহু আৰু জিতেন্দ্ৰ চাহনী নামৰ লোক তিনিজন চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। আনহাতে চিপাহীখোলাৰ কুমুদ বৰা নামৰ লোকজনেও বিষাক্ত দ্ৰব্য পান কৰাৰ ফলত সোমবাৰে নিশা মৃত্যু হয়।
Published by: Sanjay Kumar Das
First published: March 31, 2020, 9:48 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি