ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাৰ পিছতে ৰাইজে জ্বলাই দিলে ডাম্পাৰ। ৰঙিয়া তিনিআলিত আজি পুৱাই সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। এখন তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিয়ে দুই বাইক আৰোহীক। ফলত থিতাতে মৃত্যু হয় বাইক আৰোহী দুজনৰ।
দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। একাংশ ক্ষুব্ধ লোকে জ্বলাই দিলে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন। অগ্নিনিৰ্বাপক বাহিনীৰ লগতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 28, 2023, 14:54 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|