নুমলীগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা, তিনিখন গাড়ীৰ মাজত সংঘৰ্ষত নিহত দুজন

News18 Assam | News18-Assam
Updated:May 2, 2021, 6:20 AM IST
নুমলীগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা, তিনিখন গাড়ীৰ মাজত সংঘৰ্ষত নিহত দুজন
নিহত কেইজনৰ ভিতৰত এজন ৰজাবাৰীৰ জগত শইকীয়া বুলি জানিব পৰা গৈছে। আনজন এতিয়াও চিনাক্ত হোৱা নাই।

নিহত কেইজনৰ ভিতৰত এজন ৰজাবাৰীৰ জগত শইকীয়া বুলি জানিব পৰা গৈছে। আনজন এতিয়াও চিনাক্ত হোৱা নাই।

  • Share this:
নুমলীগড়ৰ বিহৰা গৰু বজাৰত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। তিনিখন গাড়ী ক্ৰমে ট্ৰাক, মেজিক আৰু এখন টাটা ছাফাৰীৰ মাজত সংঘৰ্ষ। এই দুৰ্ঘটনাত দুজন থিতাতে নিহত হয়। নিহত কেইজনৰ ভিতৰত এজন ৰজাবাৰীৰ জগত শইকীয়া বুলি জানিব পৰা গৈছে। আনজন এতিয়াও চিনাক্ত হোৱা নাই।

ইফালে টাটা ছাফাৰীখন তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ গৈ আছিল। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ৰজাবাৰী অঞ্চলত শোকৰ ছাঁ পৰিছে। দুৰ্ঘটনাৰ ফলত বহু সময় ধৰি যাতায়াত বন্ধ হৈ পৰে ৰাষ্ট্রীয় ঘাইপথটোত।
Published by: Sanjay Kumar Das
First published: May 2, 2021, 6:20 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি