নলবাৰীৰ বৰকুৰাত ভয়ংকৰ পথ দুৰ্ঘটনা (Nalbari Accident)৷ এই দুৰ্ঘটনাত থিতাতে মৃত্যু হয় বাছৰ হেণ্ডিমেন আৰু কণ্ডাক্টৰৰ। ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰকুৰা চ’কত AS 25 FC 2389 নম্বৰৰ বাছখন ধুই থকাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো৷
তীব্ৰবেগী নম্বৰবিহীন এখন ডাম্পাৰে মহতিয়াই নিয়ে দুয়োজন লোককে৷ ফলত থিতাতে মৃত্যু হয় পিটনিপাৰাৰ হেণ্ডিমেন কৈলাস কলিতা আৰু আল্লিয়াৰ কণ্ডাক্টৰ বশিষ্ট মজুমদাৰৰ৷
লগে লগে ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা নলবাৰী চিভিল হাস্পতালৰ মৰ্গলৈ লৈ যায়৷ ডাম্পাৰৰ দৌৰাত্ম্যৰ ফলতে এই দুৰ্ঘনাটো সংঘটিত হয়৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 15, 2023, 09:27 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।