নিহত মহিলাগৰাকী তেজপুৰৰ মাছুদা কবিৰ আৰু নিহত যুৱকজন তেজপুৰৰ আচিকুল হক।
নিহত মহিলাগৰাকী তেজপুৰৰ মাছুদা কবিৰ আৰু নিহত যুৱকজন তেজপুৰৰ আচিকুল হক।
কলিয়াবৰ হাতীবন্ধাত ভয়ংকৰ দুৰ্ঘটনা। এগৰাকী মহিলাসহ দুজনৰ মৃত্যু হয় এই দুৰ্ঘটনাত।এটি শিশু, দুগৰাকী মহিলাসহ ৫জন আহত হয় এই দুৰ্ঘটনাত। এখন মালবাহী মেজিকৰ সৈতে যাত্ৰী বাহী টেম্প’ৰ মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো।
কলিয়াবৰ-তেজপুৰ সংযোগী ৩৭নং (ক) ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে দুৰ্ঘটনাটো। তেজপুৰ পাঁচমাইলৰ পৰা জুৰীয়ালৈ আহি আছিল যাত্ৰীবাহী টেম্প’খন। আনহাতে, মালবাহী মেজিকখন তেজপুৰ অভিমুখী আছিল।
দুৰ্ঘটনাত এটা শিশুসহ পাঁচজন আহতক আৰক্ষীয়ে ততাতয়াকৈ জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। পৰৱৰ্তী সময়ত আহতসকলক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় তেজপুৰ মেডিকেল কলেজলৈ। আহতসকল তেজপুৰ পাঁচমাইলৰ জান্নাতুৰ, মহিবুৰ ৰহমান, আৰিফুল হুছেইন, মচিনুম ৰহমান, আনোৱাৰা বেগম বুলি চিনাক্ত কৰা হৈছে।
নিহত মহিলাগৰাকী তেজপুৰৰ মাছুদা কবিৰ আৰু নিহত যুৱকজন তেজপুৰৰ আচিকুল হক। যাত্ৰীবাহী টেম্প'ৰ নাম্বাৰ AS-01-NC-4066। নম্বৰবিহীন আছিল দুৰ্ঘটনাগ্ৰস্ত মালবাহী টাটা মেজিকখন।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|