
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দেৱাশিস পাচনি নামৰ আন এজন লোক। আহত লোকজনক সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দেৱাশিস পাচনি নামৰ আন এজন লোক। আহত লোকজনক সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে।
পুৱাই ডিগবৈৰ টিংৰাইত ভয়ংকৰ দুৰ্ঘটনা। ৰখাই থোৱা ট্ৰাকত খুন্দা দ্ৰুতবেগী বাহনৰ। দুৰ্ঘটনাত নিহত হয় দুজন লোক। নিহত লোক দুজন যদুমণি শেনচোৱা আৰু দেৱৰাজ সোণোৱাল। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দেৱাশিস পাচনি নামৰ আন এজন লোক। আহত লোকজনক সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে।
ট্ৰাকৰ পিছফালে খুন্দা মৰা ছুইফ্ট গাড়ীখনত থকা তিনি আৰোহীৰ ভিতৰত যদুমণি শেনচোৱা আরু দেৱৰাজ সোণোৱালৰ মৃত্যু হয়। আটাইকেইজনৰ ঘৰ ডিগবৈত। আহাত–নিহত তিনিওজন লোক অইল ইণ্ডিয়া লিমিটেড কৰ্মচাৰী বুলি জানিব পৰা গৈছে।
চাবুৱা ৰহমৰীয়াৰ ড্ৰিলিং ৰীগৰ পৰা নিশাৰ ডিউটি সমাপন কৰি ঘৰলৈ উভতি আহিছিল তিনিওজন কৰ্মচাৰী। সেই সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত ছুইফ্ট গাড়ীখনৰ নম্বৰ
AS 06 M 5275 আৰু ট্ৰাক খনৰ নম্বৰ AS 06 AC 9481। ট্ৰাকখন বেয়া হোৱাৰ বাবে নিশাৰে পৰা পথৰ সোঁমাজত মাজত ৰখাই থোৱাৰ অভিযোগ ।Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|