বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / Newborn Recovered: পথৰ দাঁতিৰ পৰা উদ্ধাৰ ২ দিনীয়া নৱজাতক, হাইলাকান্দিত জীৱশ্ৰেষ্ঠ মানৱৰ জঘন্য কাণ্ড!

Newborn Recovered: পথৰ দাঁতিৰ পৰা উদ্ধাৰ ২ দিনীয়া নৱজাতক, হাইলাকান্দিত জীৱশ্ৰেষ্ঠ মানৱৰ জঘন্য কাণ্ড!

Newborn Recovered: পথৰ দাঁতিৰ পৰা উদ্ধাৰ ২ দিনীয়া নৱজাতক, হাইলাকান্দিত জীৱশ্ৰেষ্ঠ মানৱৰ জঘন্য কাণ্ড!

Newborn Recovered: নৱজাতকটোক উদ্ধাৰ কৰি প্ৰথমতে কাটাখাল প্ৰাথমিক হাস্পতালত লৈ যায় আৰু পিছতে হস্তান্তৰ কৰা হয় জিলা শিশু সুৰক্ষা বিভাগক ।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

হাইলাকান্দিত জীৱশ্ৰেষ্ঠ মানৱৰ জঘন্য কাণ্ড! সভ্য সমাজক লজ্জানত কৰি এইখন অসমতে পুনৰ সংঘটিত হ’ল আন এক অমানৱীয় ঘটনা ৷ কোনো পাষাণ হৃদয়ৰ লোকে সদ্যোজাত (Newborn Baby) এটি শিশুক পেলাই থৈ গ’ল পথৰ দাঁতিত ৷ হাইলাকান্দি (Hailakandi)  জিলাৰ প‍াঁচগ্ৰাম আৰক্ষী চকীৰ অন্তৰ্গত উত্তৰ বদৰপুৰৰ ঠাণ্ডাপুৰ গাঁওৰ এটা পথৰ দাঁতিত উদ্ধাৰ হৈছে শিশুটি।

বিজ্ঞাপন

বুধবাৰে ৰাতিপুৱা ঠাণ্ডাপুৰ গাঁওৰ স্থানীয় লোকে শিশুটিৰ কান্দোন শুনি শিশুটি উদ্ধাৰ কৰে ৷ পিছত খবৰ দিয়া হয় পাঁচগ্ৰাম আৰক্ষীক । আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ নৱজাতকটোক উদ্ধাৰ (Newborn Baby Rescued) কৰি প্ৰথমতে কাটাখাল প্ৰাথমিক হাস্পতালত লৈ যায় আৰু পিছতে হস্তান্তৰ কৰা হয় জিলা শিশু সুৰক্ষা বিভাগক ।

উদ্ধাৰ হোৱা শিশুটিৰ বয়স মাত্ৰ ২ দিন। উদ্ধাৰ হোৱা শিশুটি বৰ্তমানে সম্পূৰ্ণ সুৰক্ষিত আছে বুলি জনাইছে হাইলাকান্দিৰ জিলা শিশু সুৰক্ষ‍‍া বিষয়াই ।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন