আজিৰে পৰা বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰৰ চান্দমাৰিস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত ২৯ আৰু ৩০ ছেপ্তেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলৰ গুৰুত্বপূৰ্ণ কেবিনেট আৰু কাৰ্যনিৰ্বাহক বৈঠক৷ উপ-নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অনুষ্ঠিত ইউপিপিএলৰ এই বৈঠক বিভিন্ন দিশৰ পৰা বিশেষ গুৰুত্ব লাভ কৰিছে।
বিটিআৰৰ মুখ্য কাৰ্যবাহী তথা ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৱে কেবিনেট বৈঠকত অংশগ্ৰহণ কৰিবলৈ অহাৰ মুহূৰ্তত সংবাদ মাধ্যমৰ আগত বৈঠকখনত উপ-নিৰ্বাচনৰ লগতে বিটিআৰ অঞ্চলৰ বিভিন্ন ধৰণৰ সমস্যাৰ ওপৰত আলোচনা কৰা হ'ব বুলি জনায়। আনহাতে উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ নাম ঘোষণা সম্পৰ্কে সাংবাদিকে জানিব বিচৰাত মুখ্য কাৰ্যবাহী বড়োৱে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ তালিকা দুই-এদিনতে ঘোষণা কৰা হ'ব বুলি উল্লেখ কৰে।
বিটিআৰৰ লগতে ৰাজ্যখনৰ আটাইকেইখন বিধানসভা সমষ্টিত মিত্ৰজোঁট বাহিনীয়ে উপ-নিৰ্বাচনত জয়ী হ'ব বুলিও তেওঁ দৃঢ়তাৰে দাবী কৰে৷ আনপিনে উপ-নিৰ্বাচনত তামুলপুৰ সমষ্টিত ইউপিপিএলৰ সম্ভাব্য প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত এগৰাকী নেতাই দল ত্যাগ কৰিব ওলোৱা বুলি চৰ্চিত হোৱা বিষয়টোৰ ওপৰত পুনৰ সাংবাদিকে জানিব বিচৰাত বিটিআৰৰ মুখ্য কাৰ্যবাহীগৰাকীয়ে ''ষ্টাইল নেতা হৈ লাভ নাই । এনেকুৱা নেতা বহুত আহে যায়। ৰাজনীতিত এয়াই নিয়ম। কিন্তু দলৰ নীতি-আদৰ্শ মানি থকা গৰাকীয়েহে সফল হ'ব পাৰিব'' বুলি কয়।
ইফালে আজি ইউএলবিৰ ১২গৰাকী সদস্য মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন কৰা কাৰ্যক বড়োৱে আদৰণি জনাই কয় যে বিগত দুদিন ধৰি বাগসা জিলা এবছুৰ সভাপতি উমেশ দৈমাৰীৰ স'তে তেওঁলোকে যোগাযোগ কৰিছিল। তেওঁ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী বিষয়া জি পি সিঙৰ স'তে যোগাযোগ কৰি তেওঁলোক উভতি অহাৰ পদক্ষেপ লৈছে বুলি জানিবলৈ দিয়ে।
বড়োৱে সকলোৱে যিহেতু শান্তি বিচাৰিছে, গতিকে হাতত অস্ত্ৰ তুলি লৈ কোনেও একো কৰিব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে। তেওঁ সকলো জাতি–জনগোষ্ঠীৰ সমস্যা বিজ্ঞানসন্মত আৰু বাস্তৱধৰ্মী কিছু নীতিৰ মাজেৰে সমাধানৰ কথা উল্লেখ কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|